গীতিকাৰ ফজলুল কৰিমৰ স্মৃতিত 'গীতে মাতে এটি মিঠা আবেলি' শীৰ্ষক অনুষ্ঠান

দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়
'গীতে মাতে এটি মিঠা আবেলি' শীৰ্ষক অনুষ্ঠান
'গীতে মাতে এটি মিঠা আবেলি' শীৰ্ষক অনুষ্ঠান

ডিজিটেল সংবাদ,‌মঙলদৈ : মঙলদৈ সাহিত্য নগৰ সাহিত্য সভাৰ উদ্যোগত বৃহস্পতিবাৰে গীতিকাৰ ফজলুল কৰিমৰ 'গীতে মাতে এটি মিঠা আবেলি' শীৰ্ষক এটি অনুষ্ঠান হয়। দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়।

দৰং জিলা সাহিত্য সভাৰ মঙলদৈস্থিত সাহিত্য প্ৰকল্পত হোৱা এই অনুষ্ঠান উদ্বোধন কৰে মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মাই। তেওঁ চমু ভাষণত কয় যে, "৫ সহস্ৰাধিক গীত ৰচনা কৰি অসমীয়া গীতি সাহিত্যত বিশেষ বৰঙণি দি যোৱা ফজলুল কৰিম এজন বিশিষ্ট গীতিকাৰেই নাছিল, তেওঁ আছিল এজন কৃতি শিক্ষক, সু-বক্তা। মঙলদৈ তথা দৰঙৰ আৰ্থ সামাজিক দিশৰ ওপৰতো তেওঁ আছিল সচেতন।" এনে এজন দৰং গৌৰৱ ব্যক্তিৰ নামত ১৫ দিনৰ ভিতৰত মঙলদৈৰ এটা পথ উৎসৰ্গা কৰাৰ কথা পৌৰপতি শৰ্মাই উল্লেখ কৰে।

সাহিত্য নগৰ সাহিত্য সভাৰ সম্পাদক গোলাপ আলি আৰু দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদকদ্বয় ৰাণা আলম, গৌতমানন্দ গোস্বামীয়ে অনুষ্ঠানৰ আঁত ধৰে। অনুষ্ঠানত গীতিকাৰ ফজলুল কৰিমৰ প্ৰতিচ্ছবিত মাল্যপ্ৰদান কৰে শাখা সাহিত্য সভাৰ উপসভিপতি গোলাপী দাস বড়োৱে।

অনুষ্ঠানত গীতিকাৰ প্ৰয়াত ফজলুল কৰিমৰ সহধৰ্মিনী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ফৰিদা হানুম, শাখাৰ সভাপতি হেমন্ত কুমাৰ তামুলী, অৱসৰপ্ৰাপ্ত শিক্ষক বাসৱ চন্দ্ৰ ডেকা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুঞ্জ দেৱী, উপ পৌৰপতি অচ্যুৎ কুমাৰ দাস, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চহিৰ ভূঞা, প্ৰাক্তন সম্পাদক আব্দুল কাদিৰ, অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা, সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াকে ধৰি শতাধিক লোক উপস্থিত থকে। এই অনুষ্ঠানৰ সঞ্চালনা কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড৹ ৰামচন্দ্ৰ ডেকাই।

মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এসময়ৰ প্ৰিয় শিক্ষাগুৰু ফজলুল কৰিমৰ ৰচিত বিদ্যালয় সংগীত 'আমি ছাত্ৰ ছাত্ৰী আমি/ কৰো আমি জ্ঞানৰ অভিযান' শীৰ্ষক গীতটি পৰিবেশন কৰে। বিশিষ্ট গীতিকাৰ আব্দুল মালিকে ফজলুল কৰিমৰ জীৱন আৰু গীতৰ সম্পৰ্কত তথ্য সমৃদ্ধ ভাৱে বক্তব্য প্ৰদান কৰে।

বক্তৃতাৰ মাজে মাজে শিল্পী প্ৰাঞ্জল শৰ্মা আৰু অলকেশ ভৰদ্বাজৰ সহযোগত বিশিষ্ট শিল্পী দ্বীজেন্দ্ৰ মোহন দেৱ শৰ্মা, ৰিণ্টিমণি ডেকা, প্ৰতিশ্ৰুতিবান শিল্পী বিদিশা শইকীয়া আদিয়ে ফজলুল কৰিমৰ জনপ্ৰিয় গীত পৰিবেশন কৰি পৰিবেশটো জীপাল কৰি তোলে। উল্লেখ্য যে অনুষ্ঠানৰ পূৰ্বে পুৱা ৮-৫৫ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সাহিত্য নগৰ সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ তামুলীয়ে।

অনুষ্ঠানত আকাশৰ শিল্পীসকলে 'চিৰ চেনেহী মোৰ ভাষা জননী' শীৰ্ষক গীতটি পৰিবেশন কৰে।

'গীতে মাতে এটি মিঠা আবেলি' শীৰ্ষক অনুষ্ঠান
যাৰ নাই কোনো সীমা-পৰিসীমা, সিয়েই মুক্তাগাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in