/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/469e859d-46f6-4f0c-85ef-0656f711d13a/junmoni_new.jpg)
ডিজিটেল ডেস্কঃ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ক্ষীপ্র গতিত আগবঢ়াইছে চিবিআইয়ে । নগাঁৱৰ আৱৰ্ত ভৱনত বাহৰ পাতিছে তদন্তকাৰী চিবিআইৰ দলটো । শনিবাৰে নগাঁৱৰ পৰা লখিমপুৰলৈ যাব চিবিআইৰ দলটো ।
চিবিআইক তদন্তত সহায় কৰিব চিআইডিৰ এজন জোৱান আৰু বিষয়াই । বৃহস্পতিবাৰে চিবিআইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছিল । শুকুৰবাৰৰ দিনটোত জোনমণি ৰাভাৰ বাসগৃহলৈ গৈছিল । আৰু আজিৰ দিনটোতে লখিমপুৰলৈ যাব চিবিআইৰ দল ।
Also Read: প্ৰতিশ্ৰুতি অসাৰঃ বছৰৰ প্ৰথমটো বানত খহিল প্ৰেমিজানৰ মথাউৰী...