/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2f5de2c9-ff06-4cd5-a0e9-287f6fe67ab9/kitap.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সুলেখিকা নয়নমনি দাস । বৃত্তিগত কৰ্ম ব্যস্ততাৰ মাজতো সৃষ্টিশীল সাহিত্য চর্চাৰে অসমীয়া কাব্য সাহিত্যৰ ক্ষেত্ৰখনলৈ বৰেণ্য অৱদান আগবঢ়াই গৈছে দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a271d8fb-a2fd-4fee-a8a6-325d832a508f/781bda15_b462_4515_bba1_0de283e69d74.jpg)
শেহতীয়াকৈ লেখিকা দাসৰ "ভালপোৱাৰ বাবেই নিলাজ হৈ ভাল পাওঁ" কাব্য সংকলনখন শুভ উন্মোচন কৰা হয় । লখিমপুৰ জিলা সাহিত্য সভাৰ এখন গাম্ভীৰ্যপূৰ্ণ সভাত দেওবাৰে কাব্য গ্ৰন্থখন শুভ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক , অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তথা শিক্ষৰত্ন ভৰত ৰাজখোৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/68d396ba-d0f6-49f5-8dad-8478c93dce13/90932ff1_d131_4eb8_b9ab_38d9b9e7a7d9.jpg)
লখিমপুৰ জিলাৰ উদয়ন যুৱ সংঘৰ প্ৰাঙ্গনত এই সন্দৰ্ভত অনুষ্ঠিত উন্মোচনী সভাৰ পৌৰহিত্য কৰে জিলা সাহিত্য সভাৰ সভাপতি উমানন্দ বৰাই । জিলা সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত শাখা গড়েহগা শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতে ঢকুৱাখনা হুজ গাঁৱৰ লেখিকা দাসৰ কাব্য সংকলনখনৰ শুভ উন্মোচন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3f50d597-65ff-4331-915c-27566080c5b8/c594ad44_13eb_4156_ac53_d91a7bebf128.jpg)
উক্ত অনুষ্ঠানত জিলা সাহিত্য সভাৰ সম্পাদক নৱ কমল বৰা,অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক অপূৰ্ব ফুকন, জিলা সাহিত্য সভাৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া ,সাহিত্যনুৰাগী ৰাইজ আদি উপস্থিত থাকে। প্ৰায় ৭২ পৃষ্ঠাৰ, মুঠ ৪৫ টা কবিতা বিশিষ্ট কাব্য সংকলনখন উন্মোচন কৰি উন্মোচক বৰাই লেখিকা দাসৰ শলাগ লয়।
উন্মোচক বৰাই কয় যে, শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈও অসমীয়া ভাষা সাহিত্যৰ নিৰবিছিন্ন চৰ্চাৰে স্বাভিমানী ক্ষেত্ৰখনলৈ দাসে আগবঢ়াই যোৱা অতুল্য অৱদানৰ শলাগ লৈ সদ্য প্ৰকাশিত কাব্য সংকলনখনে ৰুচিবোধ সম্পন্ন পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। ইতিমধ্যে ৪খন চিন্তাশীল গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে দ্বিতীয়খন কাব্য সংকলন উন্মোচন কৰি ঢকুৱাখনাৰ সাহিত্য চর্চাৰ মজিয়াখন চহকী কৰি তোলা প্ৰত্যয়ী কবি নয়নমনি দাসৰ সৃষ্টিশীলতাৰ ধাৰা অক্ষুন্ন ৰখাৰ বাবেও আহ্বান জনাই উন্মোচক শিক্ষৰত্ন ভৰত ৰাজখোৱাই ।
পৰৱৰ্তী সময়ত উদয়ন যুৱ সংঘৰ মহিলাসকলৰ পৰিৱেশিত শ্ৰুতিমধুৰ "চিৰ চেনেহী মোৰ ভাষা জননী" শীৰ্ষক বৃন্দ গীতেৰে শুভাৰম্ভ মনোজ্ঞ কাৰ্যনিৰ্বাহক সভাত জিলা সাহিত্য সভাৰ কৰ্ণধাৰ সমিতি গঠন, উপ সমিতিৰ গঠনত অনুমোদন,সভাৰ সাংগঠনিক ভেঁটি মজবুতকৰণ আদি বহু কেইটা বিষয়ৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।