কৰ্কট জ'নত পৰিণত হৈছে গহপুৰৰ এটা বিশেষ অঞ্চল

কৰ্কট জ'নত পৰিণত হৈছে গহপুৰৰ এটা বিশেষ অঞ্চল

ডিজিটেল সংবাদ,গহপুৰ : গহপুৰত দিনক দিনে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। গহপুৰ মহকুমাৰ হেলেম মৌজাৰ এলেকাধীন গমিৰি নামৰ অঞ্চটোত ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা।

জানিব পৰা মতে নেপালী জনগোষ্ঠীয় লোকৰ বসতি প্ৰধান অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বৃহত্তৰ গমিৰি অঞ্চলটো পৰিণত হৈছে কৰ্কট জ'নলৈ।একাধিক গাঁৱৰ সংমিশ্ৰণেৰে গঠিত বৃহত্তৰ অঞ্চলটোত কৰ্কট ৰোগত আক্ৰান্ত হৈ বিগত প্ৰায় ১০ বছৰৰ ভিতৰত ত্ৰি-শতাধিক লোকৰ অকাল মৃত্যু হৈছে।

বিপৰিতে ২ শতাধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে। ইয়াৰে একাংশ ৰোগী ঘৰতে শয্যাগত অৱস্থাত হৈ জীৱন-মৃত্যুৰে যুজিবলগীয়া হৈছে। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগ হোৱা এটা স্পৰ্শকাতৰ অঞ্চলত পৰিণত হৈছে গমিৰি অঞ্চল।

উল্লেখযোগ্য যে এই অঞ্চলটোত বিগত ৫ বছৰৰ পৰা ব্যাপক হাৰত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত এতিয়া জীৱনৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে প্ৰতিটো পৰিয়াল।পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে কম বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু হ'বলগীয়া হৈছে।

দুই-তিনিঘৰ পৰিয়ালৰ অন্তৰে অন্তৰে কৰ্কট ৰোগী থকাটো এতিয়া অঞ্চলটোৰ বাবে তেনেই সাধাৰণ বিষয় হৈ পৰিছে। গমিৰি অঞ্চলটোত দেখা দিয়া এই কৰ্কট ৰোগৰ মূল কাৰণ আৰ্ছেনিকযুক্ত পানী বুলি বহুতৰে ধাৰণা।

জানিব পৰা মতে ইতিমধ্যে পানীৰ নমুনা পৰীক্ষা কৰোতেও অঞ্চলটোৰ পানীত আৰ্চেনিকৰ ভয়াবহতা ধৰা পৰিছিল। ফলত ইজনৰ পিছত সিজন লোক এই ৰোগত আক্ৰান্ত হৈ অহা বুলি এক প্ৰকাৰ নিশ্চিত হৈছে স্থানীয় ৰাইজ। কিন্তু এইক্ষেত্ৰত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু স্বাস্থ্য বিভাগে আজিলৈকে স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল বুলি সচেতন ৰাইজৰ আক্ষেপ।

উল্লেখযোগ্য যে গমিৰি অঞ্চলৰ গৰিষ্ঠ সংখ্যক লোক কৃষি-কৰ্মৰ লগত জড়িত। সাধাৰণ জীৱন যাপন কৰি অহা মধ্যবিত্ত শ্ৰেণীৰ ভুক্তভোগী পৰিয়ালসমূহে ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত চৰম আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হয়।

যাৰ বাবে বহু কৰ্কট ৰোগী চিকিৎসা অবিহনে ঘৰতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈ আহিছে। বৃহত্তৰ গমিৰি অঞ্চলৰ ৰাইজে চৰকাৰ আৰু প্ৰশাসনক সংবাদ মাধ্যমযোগে অনুৰোধ কৰি কয় যে বিজ্ঞানসন্মতভাৱে গৱেষণা কৰি অঞ্চলটোক কৰ্কট ৰোগৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰো যথেষ্ট কৰণীয় আছে বুলি অঞ্চলবাসীয়ে মন্তব্য কৰে।

কৰ্কট জ'নত পৰিণত হৈছে গহপুৰৰ এটা বিশেষ অঞ্চল
ফ্ৰান্সৰ পিচত ইউ এ ইলৈ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in