ৰাজ্যৰ ৯৫% যুৱক-যুৱতী মানসিক সমস্যাত ভাৰাক্ৰান্ত

ৰাজ্যৰ ৯৫% যুৱক-যুৱতী মানসিক সমস্যাত ভাৰাক্ৰান্ত

ডিজিটেল ডেস্ক : ইন্টাৰনেট আৰু ম'বাইল ফোনৰ অবাধ ব্যৱহাৰে ভয়াৱহ বিপদ কঢ়িয়াই আনিছে ৰাজ্যৰ নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকললৈ । সুলভ হৈ পৰা ইন্টাৰনেট আৰু ম'বাইল ফোনৰ ব্যৱহাৰে বিৰূপ প্ৰভাৱ পেলাইছে যুৱক-যুৱতীসকলৰ মানসিকতাত । এই কথা প্ৰকাশ পাইছে ইউনিচেফৰ শেহতীয়া এক প্ৰতিবেদনত ।

নেছনেল চাৰ্ভিছ স্কীমৰ সহযোগত ইউনিচেফে চলোৱা এই অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যখনৰ ৯৫ শতাংশ যুৱক-যুৱতী তথা কিশোৰ-কিশোৰী বিভিন্ন ধৰণে মানসিকভাৱে ভাৰাক্ৰান্ত হৈছে ম'বাইল ফোন আৰু ইন্টাৰনেটৰ অবাধ ব্যৱহাৰৰ বাবে । ৬০ শতাংশ যুৱক-যুৱতী সামাজিক সম্পৰ্কৰ পৰা বিচ্ছিন্ন হোৱাৰ সমান্তৰালকৈ ২৪ শতাংশ যুৱক-যুৱতী আক্ৰান্ত হৈছে মানসিক চাপ, ভয় আৰু উদ্বিগ্নতাত ।

উল্লেখ্য যে, সম্প্ৰতি ইন্টাৰনেটৰ সুলভ ব্যৱহাৰ আৰু মোবাইল ফোনৰ অবাধ ব্যৱহাৰে নৱপ্ৰজন্মৰ কিশোৰ-কিশোৰী সকলৰ শৈক্ষিক দিশতো আঘাত জন্মাইছে ।

এতিয়া প্ৰশ্ন হয়, ক'ভিড কালত দুটাকৈ বছৰ এনেধৰণৰ ইলেক্ট্ৰনিক মাধ্যম অথবা ইন্টাৰনেটৰ সৈতে অভ্যস্ত কৰি তোলা হৈছিল কিশোৰ-কিশোৰী সকলক । অনলাইন পাঠ দান, অনলাইন পৰীক্ষা আদিৰ জৰিয়তে ইতিমধ্যেই মোবাইল ফোন অথবা ইন্টাৰনেটৰ ব্যৱহাৰ বাঢ়ি আহিছিল এওঁলোকৰ দৈনন্দিন জীৱনত । তেনেস্থলত সেই অৱস্থাৰ পৰা পুনৰ উভতাই আনিব পাৰিবে নে এওঁলোকক বিজ্ঞসকলে ?

ৰাজ্যৰ ৯৫% যুৱক-যুৱতী মানসিক সমস্যাত ভাৰাক্ৰান্ত
বড়ো সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত ড° সুৰথ নাৰ্জাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in