/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8f117d1b-f83c-447f-84f4-03543ecc67d1/siv_new.jpg)
শিৱ পুৰাণ মহাযজ্ঞ
ডিজিটেল সংংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ তৌভঙাৰ তৰাজান গাঁৱত ৯ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শিৱ পুৰাণ মহাযজ্ঞ ৷
গেৰুৱা হৈছে জীয়া ভৰলীৰ পাৰ ৷ মহাদেৱৰ বন্দনাৰে সুবাসীত হৈছে জামুগুৰিহাট আকাশ বতাহ ৷
২৩ এপ্ৰিলৰ পৰা ১ মে’লৈ অনুষ্ঠিত হ’ব এই মহাযজ্ঞ ৷ আজি প্ৰথম দিনা পুৱা অগনন ভক্ত প্ৰাণ ৰাইজে জল আহৰন কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e8ad417f-b876-4c48-bce6-459c5f2bbcc5/0afb727c_36bd_4464_a91a_15adce98497c.jpg)
গেৰুৱা বসন পৰিধান কৰি ভক্তপ্ৰাণ ৰাইজে জীয়া ভৰলী নৈৰ পৰা পানী আনিবলৈ যোৱা দৃশ্যই সঁচাকেই মুহিত কৰিছে ভক্তপ্ৰাণ ৰাইজক ৷
নবিল তৰাজান শিৱ মন্দিৰ উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত আয়োজিত শিৱ পুৰাণ মহাযজ্ঞক লৈ অঞ্চলবাসীৰ মাজত ব্যাপক উচাহ উদ্দিপনা পৰিলক্ষিত হৈছে ৷
এই মহাযজ্ঞকলৈ উদ্যোগতা সমিতিয়ে অনাগত দিনটো ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগীতা কামনা কৰিছে ৷
Also Read: বজ্রপাতত নিহত পাঁচটাকৈ পশুধনৰ...