/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/0a4762f5-de6b-4cb3-adcd-df5d337426ab/namati_6.jpg)
নামতিৰ ধোদৰ আলিত ৮ গৰাকী সাংবাদিক, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা...
ডিজিটেল সংবাদ নামতিঃ শিৱসাগৰ জিলাৰ নামতিৰ ধোদৰ আলিত শুকুৰবাৰে নিশা নামতি প্ৰেছ ক্লাৱৰ সম্পাদক তথা অসমীয়া প্ৰতিদিনৰ সাংবাদিক জিয়াৰুদ্দিন আহমেদৰ লগতে মুঠ আঠ গৰাকীকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়। উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে ধোদৰ আলিৰসমূহ ৰাইজ ও যুৱক বৃন্দৰ সহযোগত অনুষ্ঠিত কৰা তৃতীয় বার্ষিক দিবা-নৈশ প্রাইজমণি বেডমিণ্টন প্ৰতিযোগিতাৰ শুকুৰবাৰে নিশা সফল সামৰণি পৰে।
প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ আৰম্ভনিতে স্থানীয় যুৱকসকলৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানটোত সমাজলৈ অৱদান আগবঢ়োৱা নামতি আৰু ইয়াৰ সমীপৰ্ৱতী অঞ্চলৰ আঠ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e9a73f1b-3008-41cf-9017-7f0317464c67/e9b0fd09_9f89_4a92_8680_0fb5bf9c9f2f.jpg)
উদযাপন সমিতিৰ সভাপতি আবিদুৰ ৰহমানৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম হেণ্ডবল সন্থাৰ উপ-সভাপতি তথা বিশিষ্ট সমাজকৰ্মী মুজিদ আলী, নামতি প্ৰেছ ক্লাৱৰ সম্পাদক জিয়াৰুদ্দিন আহমেদ, আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতা, সমাজ সেৱিকা নিহা কলিতা ৰৌনিয়াৰ, ক্ৰীড়া প্ৰতিযোগিতাখনৰ বাবে ভূমি দাঁতা প্ৰণৱ চেতিয়া, ব্যৱসায়ী নজৰুল ইছলাম (চুবুৰ), সমাজকৰ্মী ক্ৰমে কেশৱ চেতিয়া আৰু ইমতাজ আলীক বিশেষ সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ea6e3ccf-e926-4359-b421-2a701c543804/42f6cd45_ea58_417f_98da_9814b8024f83.jpg)
অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোক উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানটোত ভালেকেইগৰাকী গন্যমাণ্য ব্যক্তিকো আদৰণি জনায়। আনহাতে, বেডমিণ্টন প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে অসম হেণ্ডবল সন্থাৰ উপ-সভাপতি তথা বিশিষ্ট সমাজকৰ্মী মুজিদ আলীয়ে।
Also Read: আজিৰে পৰা নুমলীগড়ত ‘ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বাণিজ্য মেলা’...