/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
একেদিনাই ৮ জনকৈ বি ডি অ'ক নিলম্বন...
ডিজিটেল ডেস্কঃ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ। দুৰ্নীতিত লিপ্ত ৮ গৰাকীকৈ খণ্ড উন্নয়নক বিষয়াক নিলম্বিত কৰা বিষয়টোৱে শুকুৰবাৰে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই আটাইকেইগৰাকী খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে বিত্তীয় অনিয়ম। তেওঁলোকে অৰ্কৃত্বশীলভাবে উলিয়াইছিল এম জি এনৰেগাৰ মেটেৰিয়েলছ ফাণ্ড।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিৱে জাৰি কৰা নিৰ্দেশনা অনুসৰি নিলম্বিত এই বি ডি অ'সকলৰ ভিতৰত আছে ছয়দুৱাৰৰ বি ডি অ' অৰুণ কুমাৰ দাস, বিশ্বনাথ ব্লকৰ বি ডি অ' ৰশ্মিৰেখা মহন্ত, কাকপথাৰৰ বি ডি অ' বৰ্ণালী ফুকন।
ইয়াৰোপৰি নিলম্বিত হৈছে পূব যোৰহাটৰ বি ডি অ' দ্বীজেন কুমাৰ বৰা, চতিয়াৰ বি ডি অ' পলক কুমাৰ শৰ্মা, শিলচৰৰ সাঁকোমাথা ব্লকৰ গৌতম কুমাৰ শৰ্মা।
অৰ্কৃত্বশীল ভাবে এম জি এনৰেগাৰ Materials fund Withdraw কৰাৰ বাবে বিডিঅ' আঠ গৰাকীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।
Also Read: স্মাৰ্ট ফোন নিদিয়াৰ বাবেই ঘিলামৰাত আবেদনকাৰীয়ে নাপালে ভূমি পট্টা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us