/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/44a6fcb9-f448-4fbf-a1e2-5cb285320b27/DHOKUAKHANA_22.jpg)
স্মাৰ্ট ফোন নিদিয়াৰ বাবেই ঘিলামৰাত আবেদনকাৰীয়ে নাপালে ভূমি পট্টা...
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ এগৰাকী লাট মণ্ডলে দাবী কৰা মতে এটা দামী স্মাৰ্ট ফোন আদায় নিদিয়াৰ বাবে ভূমি পট্টাৰ পৰা বঞ্চিত হ'ল ঘিলামৰাৰ এজন ব্যক্তি। কৌশলেৰে নাকচ কৰা হ'ল আবেদনকাৰীৰ মিছন বসুন্ধৰা-২.o ৰ জৰিয়তে কৰা দুখন আবেদন।
এই গুৰুতৰ অভিযোগ ঘিলামৰাৰ এজন প্ৰাপ্য বঞ্চিত ব্যক্তিৰ । সংগৃহীত তথ্য মতে ৰাজহ চক্ৰটোৰ অন্তৰ্গত গোঁহাই মৌজাৰ হিলৈদাৰী টিং গাঁওৰ ললিত লামুৰ পুত্ৰ ৰঞ্জিত লামুৱে গোঁহাই মৌজাৰ ১নং পাৰঘাট মেপৰ ৩৩ নং দাগৰ ১৬০ বিঘা ৪ কঠা ১১লোচা বাৰী শ্ৰেণী মাটিৰ মধ্যে নিজা ভোগ দখলত থকা ২বিঘা (এক বিঘা বাৰী মাটি আৰু ১বিঘা খেতি মাটি) আৰু একে দাগৰ ১ বিঘা ২ কঠা ১০লোচা নিজা ভোগ দখলত থকা মাটি আবন্টন আৰু পট্টা লাভ কৰিবৰ বাবে বিধিগত প্ৰক্ৰিয়াৰে আবেদন কৰিছিল সোৱণশিৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত।
মিছন বসুন্ধৰা-২,o আঁচনিৰ জৰিয়তে আৰ টি পি এছ/এছ কে চি এছ এল/২০২৩/১১৮৯৬৩৬ আৰু আৰ টি পি এছ/এছ কে চি এছ এল/২০২৩/৪১১৬৬৬ নং পৃথক পৃথক দুটা আবেদন কৰাৰ পাছত চক্ৰটোৰ সংশ্লিষ্ট লাট মণ্ডল বিপুল বৰাই বিগত কেইবা দশক ধৰি ভোগ দখলত থকা মাটি কালি জোখ মাপ কৰি বিধিগত যাবতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ১৯৯২ চনৰ পৰা উক্ত খাচ চৰকাৰী ভূমিত স্থায়ী আৰু শান্তিপূৰ্ণ ভাবে বাস কৰি অহাৰ লগতে বেদখলী জৰিমনা নিয়মীয়াকৈ আদায় দি অহা ৰঞ্জিত লামুক উক্ত খাচ মাটি কালি বন্দোবস্তি দিয়াৰ বাবে গাঁও প্ৰধান আৰু ভি এল এম চি চিয়ে ৰাজহ চক্ৰ বিভাগক লিখিত তথ্য দাখিল কৰিছিল বিভাগীয় নিৰ্দেশনা মতে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5b3b6937-f815-4a3f-834c-eb70fba1e9e7/7fa391f1_761d_4c0d_9221_ec25c4ee51c9.jpg)
সেই অনুক্ৰমে অসম ভূমি নীতি ২০১৯ মতে ৭ বিঘা খেতি মাটি আৰু ১বিঘা বাৰী মাটিতকৈ কম ম্যাদী পট্টাৰ মাটি থকা লামুক এই খাচ মাটি আবন্টন দিয়াটো নীতি সিদ্ধ আছিল। কিন্তু এই সকলো চৰকাৰী ভাবে প্ৰযোজ্য নথিপত্ৰ আৰু বিধি ব্যৱস্থা উপলব্ধ হোৱাৰ পাছতো এইগৰাকী আবেদনকাৰীক চক্ৰ বিষয়াৰ কাৰ্যালয়ে ভূমি আবন্টন নিদিলে এটি পট্টা প্ৰদানৰ ব্যৱস্থা সম্পন্ন নকৰিলে ।
বৰঞ্চ দুটা পৃথক কাৰণ দেখুৱাই চক্ৰ বিষয়াৰ কাৰ্যালয়ে আবেদনকাৰীৰ দুয়োখন আবেদন নাকচহে কৰিলে । সংবাদ মাধ্যমক বঞ্চিত ব্যক্তি লামুৱে জনোৱা মতে একেটা দাগৰ অন্য আবেদনকাৰীসকলৰ ভূমি আবন্টন হোৱাৰ বিপৰীতে বিভাগে বিচৰা সকলো নথিপত্ৰ জমা দিয়াৰ পাছতো লামুৱে প্ৰাপ্য ভূমি আবন্টন লাভ নকৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6ee1a680-cb3e-4500-8346-e060049b3f5b/6b59aee1_55a9_42a9_8867_1d94d5767432.jpg)
সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে এই দুখন আবেদন নাকচ কৰাৰ অন্তৰালত বিভাগৰ হৈ সংশ্লিষ্ট লাট মণ্ডল বৰাই দাবী কৰা ধন আদায় নিদিয়া বুলি স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বঞ্চিত আবেদনকাৰী লামুৱে। প্ৰবঞ্চিত ব্যক্তি লামুৱে অভিযোগ কৰা মতে সংশ্লিষ্ট লাট মণ্ডলগৰাকীয়ে তেওঁক এই ভূমি আবন্টনৰ কাম সম্পন্ন কৰি দিয়াৰ বাবদ এটা প্ৰায় ২০ হাজাৰ টকীয়া স্মাৰ্ট ফোনৰ দাবী কৰিছিল ।
উক্ত স্মাৰ্ট ফোন অথবা তাৰ মূল্য আদায় দিলে মাটিৰ আবন্টন হোৱাটো নিশ্চিত বুলিও জনাইছিল লামুক। কিন্তু ইমান বৃহৎ পৰিমাণৰ পুঁজি আদায় দিয়াৰ অপাৰগতা প্ৰকাশ কৰাৰ বাবেই কৌশলেৰে ভূমি আবন্টন প্ৰক্ৰিয়া বাতিল কৰা বুলি মুকলি অভিযোগ উত্থাপন কৰে ব্যক্তিজনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/310fe1aa-1b87-49df-8c90-4d58592946a4/6b59aee1_55a9_42a9_8867_1d94d5767432.jpg)
এই ক্ষেত্ৰত কাৰ্য্যালয়টোৰ এক শক্তিশালী অৰ্থলোভী চক্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰি লামুৱে এনে অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে যোৱা ১২ডিচেম্বৰত লখিমপুৰ জিলা আয়ুক্ত আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ লিখিত অভিযোগ পত্ৰ প্ৰেৰণ কৰি ন্যায় প্ৰাপ্তি কামনা কৰা বুলি জানিবলৈ দিয়ে । দাবী কৰা মতে ভেটি নিদিয়াৰ বাবেই আবেদনকাৰীৰ মিছন বসুন্ধৰা ২.o ৰ দুয়োখন আবেদন কৌশলেৰে নাকচ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰাপ্য বঞ্চিত লামুৱে এই সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত তথ্য উদঘাটন কৰাৰ লগতে আবেদন কৰা মাটিৰ আবন্টন দি পট্টা প্ৰদানৰ সুব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/cd2aff5f-b0bb-4955-bcca-fc39be17337e/5b1dbf5b_b74e_4525_a6aa_4b9404066e32.jpg)
যি সময়ত ৰাজহ চক্ৰৰ কাৰ্যালয়সমূহত ভূমি বিবাদ নিস্পতিৰ স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেনে সময়তে কেৱল দাবীকৃত ধন আদায় নিদিয়াৰ বাবেই ভূমি আবন্টনৰ আবেদন কৌশলেৰে নাকচ কৰা বুলি উত্থাপিত স্পৰ্শকাতৰ অভিযোগে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশকে পদপিষ্ট কৰা বুলি ঘিলামৰাৰ সৰ্বত্ৰতে ব্যাপক চৰ্চা চলিছে । অৱশ্যে এই সন্দৰ্ভত সঠিক তদন্তৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব ।
Also Read: কলিয়াবৰত লুকুৱাই ৰখা অৱস্থাৰ পৰা চোৰাং কাঠ জব্দ...