গুৱাহাটীত “অখিল ভাৰতীয় বধিৰ ফেডাৰেছন”ৰ সপ্তম দ্বি-বাৰ্ষিক অভিৱৰ্তন

665k
গুৱাহাটীত “অখিল ভাৰতীয় বধিৰ ফেডাৰেছন”ৰ সপ্তম দ্বি-বাৰ্ষিক অভিৱৰ্তন
665k গুৱাহাটীত “অখিল ভাৰতীয় বধিৰ ফেডাৰেছন”ৰ সপ্তম দ্বি-বাৰ্ষিক অভিৱৰ্তন

ডিজিটেল ডেস্ক: নতুন দিল্লীস্থিত “অখিল ভাৰতীয় বধিৰ ফেডাৰেছন”ৰ সপ্তম দ্বি-বাৰ্ষিক অভিৱৰ্তন ২০২৩ চনৰ ১৫ মে’ৰ পৰা ২১ মে’লৈ গুৱাহাটীত অনুস্থিত  হ’ব। কিছুদিন পূৰ্বে নতুন দিল্লীত অনুস্থিত হৈ যোৱা কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সভাত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

এই অভিৱৰ্তনত প্ৰায় ৫ হাজাৰ দেশী-বিদেশী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। উক্ত কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সণোৱালকে ধৰি সকলো মন্ত্ৰী বিধায়ক তথা ৰাজ্যৰ উচ্চপদস্ত বিযয়াক লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। ইয়াৰ উপৰিও ১ কোটি ৫৪ লাখ ৪০ হাজাৰ টকাৰ বাজেট প্ৰস্তুত কৰা হৈছে।

অভিৱৰ্তনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সকলো মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱাৰ লগতে চিনেমা জগতৰ নামী-দামী তাৰকাকো আমন্ত্ৰণ জনোৱা হ’ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় কমিটিয়ে।   

এই অভিৱৰ্তনত এছিয়া, ইউৰোপ, আমেৰিকা আদিৰ বিশ্ব বধিৰ সন্থাৰ প্ৰতিনিধি অসমলৈ আগমন ঘটিব। বিদেশী ৰাষ্ট্ৰৰ অতিথিৰ লগতে বিভিন্ন ৰাজ্যৰ অতিথিবৃন্দ আহোতে যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ১৫জন শিক্ষিত বধিৰ দ্বাৰা অসমৰ বধিৰ স্বেচ্ছাসেৱকসকলক এমাহ যোৰা ISL প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।    

উল্লেখযোগ্য যে, অভিৱৰ্তনত বিভিন্ন ৰাজ্যৰ হস্ততাত শিল্প প্ৰদৰ্শনী, চাৰুকলাৰ প্ৰদৰ্শনী, সাংকেতিক ভাষাৰ কৰ্মশালা, আলোচনা চক্ৰ, ফিল্ম ফেছটিভেল, বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ কলা-কুশলীৰ দ্বাৰা নাট, নৃত্য, মোকাভিনয় প্ৰদৰ্শন, ফেশ্বন শ্ব’ৰ লগতে বাৰেবৰণীয়া সাংস্কৃতিত শোভাযাত্ৰা, মুকলি সভা আদি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in