নুমলীগড়ত ড্ৰাগছ সহ ৭ জনক আটক

নুমলীগড়ত ড্ৰাগছ সহ ৭ জনক আটক

author-image
asomiyapratidin
New Update
নুমলীগড়ত ড্ৰাগছ সহ ৭ জনক আটক

ডিজিটেল সংবাদ, বোকাখাত: বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে দেওবাৰে নুমলীগড় তিনিআলিৰ পৰা AR60 GD5060 নম্বৰৰ এখন ট্ৰাকসহ আটক কৰে লোক কেইজনক। ড্ৰাগছ সৰবৰাহৰ লগতে ড্ৰাগছ সেৱনৰ সৈতে লোক কেইজন জড়িত বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

Advertisment

ধৃত লোক কেইজন ক্ৰমে- নুমলীগড়ৰ আশ্বিক আলী,নুমলীগড়ৰ দিপক ৰাজবংশী, নুমলীগড় ধোদাংৰ পবিত্ৰ হাজৰিকা ,নুমলীগড়ৰ ৰৌদুৱাৰৰ বিপুল কছাৰী,নুমলীগড়ৰ জমীৰুল আলী আৰু গাড়ীখনৰ ড্ৰাইভাৰ হেন্দীমেন ক্ৰমে সোণাপুৰৰ আলম আলী আৰু আকবৰ আলী।

ইফালে জব্দকৃত গাড়ীখনৰ চালক হেন্দিমেনৰ পৰা উদ্ধাৰ কৰা হৈছে ৩ টাকৈ ড্ৰাগছৰ কন্টেনাৰসহ ১৮টাকৈ গাঞ্জাৰ পেকেট।

উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লগতে মণিপুৰৰ পৰা তেল পৰিবাহী টেংকাৰ তথা মালবাহী ট্ৰাক আদিত দীৰ্ঘদিনৰ পৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহ হৈ থকাৰ সমান্তৰালকৈ ড্ৰাগছ সেৱনৰ ঘাটিত পৰিণত হৈছে এতিয়া ঐতিহাসিক নুমলীগড় অঞ্চল।

ইতিমধ্যে আৰু অধিক লোক জড়িত থকাৰ সন্দেহত অভিযান তীব্ৰতৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে বোকাখাত আৰক্ষীয়ে।

আৰু পঢ়ক: ৰাষ্ট্ৰীয় পৰ্যায়ত সোনৰ পদক লাভ পুৰনিগুদামৰ খেলুৱৈৰ…

assam drugs bokakhat