ৰাষ্ট্ৰীয় পৰ্যায়ত সোনৰ পদক লাভ পুৰনিগুদামৰ খেলুৱৈৰ…

ৰাষ্ট্ৰীয় পৰ্যায়ত সোনৰ পদক লাভ পুৰনিগুদামৰ খেলুৱৈৰ…

ডিজিটেল সংবাদ,নগাঁও : মোম্বাইত অনুষ্ঠিত থাই নেশ্যনেল চেম্পিয়নশ্বীপত নগাঁৱলৈ গৌৰব কঢ়িয়াই আনিছে নুপূৰ বৰাই ৷ প্ৰতিযোগিতাখনিত নুপূৰ বৰাই বস্কিঙত দুৰ্দান্ত প্ৰদৰ্শনেৰে সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত পুৰনিগুদামৰ কঢ়ালীগাঁৱৰ নুপূৰ বৰাই অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল ৷

১৬ জুনৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনিত বিভিন্ন শাখাত দেশৰ ৭৪০ জন প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰিছিল ৷ সোনৰ পদক লাভ কৰা নুপূৰ পৰবৰ্তী ব্লৰ্ড চেম্পিয়নশ্বীপৰ বাবে নিৰ্বাচিত হৈছে ৷ নুপূৰৰ প্ৰশিক্ষক হৈছে কমল বৰা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in