/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/03263bab-8889-48ba-b968-d9ea4922b971/boko_03.jpg)
বকোত বাল্য বিবাহৰ লগত জড়িত ৭ জনক গ্ৰেপ্তাৰ...
ডিজিটেল সংবাদ ছমৰীয়া: ৰাজ্যজুৰি বাল্য বিবাহৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা দিয়াৰ পাছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ নাথৰ নেতৃত্বত অভিযান চলাই নিশা আৰু পুৱাৰ ভাগত বকোৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ঠাইত অভিযান চলাই এই মুহূৰ্তলৈকে বাল্য বিবাহৰ লগত জড়িত ৭ জন স্বামীক গ্ৰেপ্তাৰ কৰিছে।
বকো থানাৰ অন্তৰ্গত মোজেবাৰী, মৌমান, লেপগাও, বাটাকুছি, বগুৰীগুৰী আৰু ২ নং বৰখালৰ পৰা গ্ৰেপ্তাৰ ৭ গৰাকী অবৈধ স্বামী গ্ৰেপ্তাৰ কৰিছে।গ্ৰেপ্তাৰ হোৱা লোককেইজন ক্ৰমে - অবিনাশ ৰাভা(২২),সুৰজিৎ ৰাভা(২০), পলাতক অভিযুক্ত দিলীপ ডৰ্জীৰ পিতৃ এম বাহাদুৰ ডৰ্জী(৬৫), পুৰোহীত কমলেশ্বৰ শৰনীয়া(৬০), ৰমাকান্ত ৰাভা(২৬), জমিৰ উদ্দিন আহমেদ(৩৩) আৰু জয়ন্ত ৰাভা(২৬)।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত পলাতক হৈ থকাসকলৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব।
Also Read: অৱসৰ ল'লে অসমৰ সফল ক্ৰিকেটাৰ আবু নেছিম আহমেদেঃ ক'লে ভৱিষ্যত পৰিকল্পনাৰ কথা...