ঘিলামৰাত ৬৯ সংখ্যক ৰাসলীলা উদযাপনৰ প্ৰস্তুতি

ঘিলামৰাত ৬৯ সংখ্যক ৰাসলীলা উদযাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,ঢকুৱাখনা : বৃহত্তৰ ঢকুৱাখনা মহকুমাৰ লোক সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম সমুজ্জল নাট্য চৰ্চা কেন্দ্ৰ ঘিলামৰাৰ ঘাহি গাঁও নাট্য সমাজ।ঘিলামৰাৰ ঘাঁহি গাঁও নাট্য সমাজৰ উদ্যোগত বিগত প্ৰায় ৬৮বছৰীয়া পৰম্পৰা অব্যাহত ৰাখি এইবাৰো ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উৎসৱ ভাগি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন চলিছে ।

অহা  ২৬ আৰু ২৭ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ঘিলামৰা ঘাহি গাঁও নাট্য মন্দিৰৰ প্ৰাঙ্গনত অনুষ্ঠিত হ'ব ৰাসলীলা মহোৎসৱ । এই সন্দৰ্ভত ইতিপূৰ্বে ৰাজহুৱা সভাই উদ্যমী যুৱক দীপক হাজৰিকাক সভাপতি,যুগল সূতক উপ সভাপতি,সমীৰ হাজৰিকাক সম্পাদক আৰু দেৱজিৎ হাজৰিকাক সহকাৰী সম্পাদক হিচাবে লৈ গঠন কৰি দিছে এখন শক্তিশালী উদযাপন সমিতি ।

এই উদযাপন সমিতিখনে ব্যাপক তৎপৰতাৰে এই মহোৎসৱ ভাগিৰ সফল উদযাপনত ব্ৰতী হৈছে । গাঁৱবাসী লোক সংস্কৃতিপ্ৰেমীৰ উৎসাহপূৰ্ণ সহযোগিতাৰে  ইতিমধ্যে সমিতিখনে এক বাজেট গ্ৰহণ কৰি নব্য আলোক সজ্জা  আৰু সৰ্বোন্নত কাৰিকৰী কৌশলৰ প্ৰয়োগেৰে নাট্য জগতৰ খ্যাতিসম্পন্ন অভিনেতা অভিনেত্ৰীৰ সমাহাৰ ঘটাই এইবাৰ ব্যতিক্ৰমী আৰু দৃষ্টিনন্দন ৰূপত ৰাসলীলা মহোৎসৱ ভাগি অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা বুলি সহকাৰী সম্পাদক দেৱজিৎ হাজৰিকাই জানিবলৈ দিছে।

মহোৎসৱৰ দুয়োটা দিনৰ মূল চৰিত্ৰসমূহত বহুকেইজন জন সমাদৃত সুনিপুন  নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰীৰ লগতে অসমৰ টেলিভিছন জগতৰ জনপ্ৰিয় ধাৰাবাহিক অভিনেত্ৰী প্ৰিয়ংকা শইকীয়া আৰু অসমৰ বোলছবি জগতৰ বিশিষ্ট কৌতুক অভিনেতা অতুল পাঁচনি আদিয়েও ভিন্ন চৰিত্ৰত অভিনয় কৰিব বুলি জনাইছে । বিগত অৰ্ধ শতিকাৰো অধিক কাল ধাৰাবাহিক ভাবে ৰাসলীলা উদযাপন কৰি মহকুমাটোৰ সাংস্কৃতিক ক্ষেত্ৰখনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈ অহা ঘাহি গাঁও নাট্য সমাজৰ এইবাৰৰ ব্যতিক্ৰমী প্ৰয়াসত লোক সংস্কৃতিপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে ।

ঘিলামৰাত ৬৯ সংখ্যক ৰাসলীলা উদযাপনৰ প্ৰস্তুতি
নগাঁৱত ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in