ৰক্তহীনতাত আক্ৰান্ত ৰাজ্যৰ ৬৮.৪ শতাংশ শিশু

ৰক্তহীনতাত আক্ৰান্ত ৰাজ্যৰ ৬৮.৪ শতাংশ শিশু

ডিজিটেল ডেস্ক : শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ কালত সমগ্ৰ ৰাজ্যতেই সকলো খণ্ডতেই সৰ্বাংগীণ উন্নতিৰ ঢাক-ঢোল বজাই অহা চৰকাৰ খনৰ আন এক বিফলতা প্ৰকাশ পালে বছৰটোৰ অন্তিম সময়ছোৱাত । দেশ অথবা ৰাজ্য এখনৰ ভেটিটো সবল হ'বলৈ হ'লে সকলোতকৈ প্ৰয়োজনীয় দুটি খণ্ড হ'ল স্বাস্থ্য আৰু শিক্ষা । যি সময়ত শিক্ষাই ভৱিষ্যত প্ৰজন্মটোক সুৰক্ষিত কৰে সেই সময়তেই স্বাস্থ্যই কেৱল ভৱিষ্যতেই নহয় বৰং বৰ্তমানৰ প্ৰজন্মটোৰো সুৰক্ষাৰ দ্বায়িত্ব হাতত লয় । আৰু এই কথা ভাৰতবৰ্ষই সাৱলীল ভাৱে বুজি উঠিছিল দুবছৰীয়া কভিদ কালত ।

তেনে সময়তেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এক প্ৰতিবেদনে দাঙি ধৰিছে অসমৰ এক শোচনীয়া ছবি । এই প্ৰতিবেদন অনুসৰি ৰাজ্যত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ৰক্তহীনতাত আক্ৰান্ত শিশুৰ সংখ্যা । লক্ষণীয়ভাৱে যোৱা পাঁচ বছৰৰ ব্যৱধানত দেশৰ আন ৰাজ্য সমূহত ৰক্তহীনতাত আক্ৰান্ত শিশুৰ সংখ্যা হ্ৰাস পালেও অসমত প্ৰায় দুগুণ বৃদ্ধি পাইছে এই সংখ্যা ।

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ২০২০-২১ চনত ছমাহৰ পৰা ৫৯ মাহ বয়সৰ শিশু সকলৰ ভিতৰত ৬৮.৪ শতাংশই ৰক্তহীনতাত আক্ৰান্ত । অৰ্থাৎ মাথোঁ পাঁচ বছৰৰ ব্যৱধানতে অসমত ৰক্তহীনতাত আক্ৰান্ত শিশুৰ সংখ্যা দুগুণলৈ বৃদ্ধি হয় । ৰাজ্যখনৰ বাবে এইয়া এক উদ্বেগজনক কথা । মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীকে ধৰি চৰকাৰৰ বৰমূৰীয়া সকলে ৰাজ্যৰ স্বাস্থ্য খণ্ডত অভূতপূৰ্ব উন্নয়ন হোৱা বুলি দাবী কৰি আহিছে তেনে সময়তেই এই পৰিসংখ্যা চিন্তনীয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in