নাগালেণ্ডৰ নিৰ্বাচনৰ সন্দৰ্ভত ডিমাপুৰ আৰু কাৰ্বি আংলঙৰ উপায়ুক্তৰ যুটীয়া সমন্বয় বৈঠক...

নাগালেণ্ডৰ নিৰ্বাচনৰ সন্দৰ্ভত ডিমাপুৰ আৰু কাৰ্বি আংলঙৰ উপায়ুক্তৰ যুটীয়া সমন্বয় বৈঠক...

ডিজিটেল সংবাদ, ৱাখা : ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা নাগালেণ্ড বিধানসভা নিৰ্বাচন প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলঙৰ উপ-আয়ুক্ত আৰু নাগালেণ্ডৰ ডিমাপুৰৰ উপ-আয়ুক্তৰ মাজত অলপতে এখন গুৰুত্বপূৰ্ণ যুটীয়া সমন্বয় বৈঠক অনুষ্ঠিত হয় ।

জানিব পৰামতে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অলপতে অসমৰ কাৰ্বি আংলঙৰ উপ আয়ুক্তৰ কাৰ্যালয়ত এই গুৰুত্বপূৰ্ণ যুটীয়া সমন্বয় সভা অনুষ্ঠিত হয়। উপ-আয়ুক্ত দুগৰাকীয়ে বৈঠকত আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ওপৰত আলোকপাত কৰে। ২০২৩ চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচন আইন শৃংখলা আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকক প্ৰয়োজন সাপেক্ষে নিৰাপত্তা সাহায্যৰ বাবে অনুৰোধ জনায় ডিমাপুৰৰ উপ আয়ুক্ত গৰাকীয়ে।

কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে নিৰ্বাচনৰ সময়ছোৱাত আৰক্ষী বিষয়াসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে। তদুপৰি ডিমাপুৰৰ উপ আয়ুক্তগৰাকীয়ে ৰাজ্যত সুৰা নিষেধাজ্ঞা সন্দৰ্ভতো আলোচনা কৰি ডিমাপুৰ জিলাত সুৰাৰ চোৰাং সৰবৰাহ পৰীক্ষাৰ সন্দৰ্ভত সহায়ৰ বাবে কাৰ্বি আংলঙৰ পৰা সহায়ৰ বাবে অনুৰোধ জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in