জলসম্পদ বিভাগত ৬২ গৰাকীক সহকাৰী অভিযন্তা পদত নিযুক্তিপত্ৰ প্ৰদান

জলসম্পদ বিভাগত ৬২ গৰাকীক সহকাৰী অভিযন্তা পদত নিযুক্তিপত্ৰ প্ৰদান

ডিজিটেল ডেস্ক : শুকুৰবাৰে জলসম্পদ বিভাগত সহকাৰী অভিযন্তা (অসামৰিক) শাখাৰ অৰ্ধশতাধিক পদত নিযুক্তিপত্ৰ প্ৰদান কাৰ্য্য সম্পন্ন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে শুকুৰবাৰে জলসম্পদ বিভাগৰ ৬২টা পদত নিযুক্তিপত্ৰ প্ৰদান কৰে।

অসম চৰকাৰৰ ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এই নিযুক্তি প্ৰদান কৰা হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰোপৰি জলসম্পদ বিভাগৰ অধীনৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত এই নিযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আশা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ কাৰ্যালয়স্থিত অসম সচিবালয় চৌহদত অনুষ্ঠিত হয় এই নিযুক্তি অনুষ্ঠান। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক ১ লাখ চৰকাৰী চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত নিৰন্তৰভাৱে কাম কৰি আহিছে।

২০২১ চনৰ মে' মাহৰ পৰা চৰকাৰৰ বিভিন্ন বিভাগত মুঠ ৮৭,৭২০ জন চাকৰি প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। আজি ৬২ জন সহকাৰী অভিযন্তাক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগে লগে এই সংখ্যা এতিয়া ৮৭,৭৮২ জনলৈ বৃদ্ধি পায়।

ইয়াৰোপৰি শেহতীয়াকৈ প্ৰকাশিত বিজ্ঞাপনসমূহত অসম আৰক্ষীত প্ৰায় ৫,০০০ খালী পদ আৰু স্বাস্থ্য বিভাগৰ অধীনত ৩,০০০ খালী পদ পূৰণৰ বাবে আবেদন গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। শিক্ষা বিভাগৰ অধীনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১০,০০০ খালী পদৰ বাবে আগন্তুক বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰে।

ইফালে আজিৰ এই অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পীযুষ হাজাৰিকা, শিক্ষা মন্ত্ৰী ডা০ ৰানোজ পেগু আৰু অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাচী উপস্থিত আছিল।

জলসম্পদ বিভাগত ৬২ গৰাকীক সহকাৰী অভিযন্তা পদত নিযুক্তিপত্ৰ প্ৰদান
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সাধাৰণ পৰিষদৰ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in