ইউ এছ টি এমত আৰম্ভ ৬১ তম সৰ্বভাৰতীয় সাধাৰণ সন্মিলন আৰু বিদ্যালয় মহোৎসৱ

ইউ এছ টি এমত আৰম্ভ  ৬১ তম সৰ্বভাৰতীয় সাধাৰণ সন্মিলন আৰু বিদ্যালয় মহোৎসৱ

ডিজিটেল ডেস্কঃ ভাৰতৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ডেৰ শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে ইউনিভাৰ্ছিটি অফ চাইঞ্চ এণ্ড টেকনলজি মেঘালয় (ইউ এছ টি এম)ৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত সোমবাৰৰ পৰা আৰম্ভ হৈছে ৬১ সংখ্যক সাধাৰণ সন্মিলন আৰু সৰ্বভাৰতীয় স্কুল মহোৎসৱ। ইউনাইটেড স্কুলছ অৰ্গেনাইজেশ্যন অৱ ইণ্ডিয়া (ইউ এছ অ')ৰ দ্বাৰা আয়োজিত আৰু ইউ এছ টি এমে আতিথ্য কৰা এই বৰ্ষৰ এই অনুষ্ঠানৰ মূল বিষয়বস্তু হৈছে ৰাষ্ট্ৰসংঘৰ এছ ডি জি ৩: কল্যাণৰ প্ৰতি এক বিশ্বজনীন দায়বদ্ধতা।

সমগ্ৰ শিক্ষাৰ গুৰুত্ব, একতা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটো ব্যাপক উৎসাহেৰে আৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত ইউ এছ অ'ৰ সচিব প্ৰধান নীনা জৈন, কাৰ্যবাহী পৰিষদৰ সদস্য সুনীল কুমাৰ, ইউ এছ টি এমৰ আচাৰ্য মাহবুবুল হক, ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা আদি উপস্থিত থাকে। মেঘালয় চৰকাৰৰ শিক্ষা মন্ত্ৰী শ্ৰী ৰাক্কম এ চাংমাই ভিডিঅ' ৰেকৰ্ডিঙৰ জৰিয়তে ভাষণ প্ৰদান কৰে।

ইউ এছ অ'ৰ সভাপতি অধ্যাপক পি জে কুৰিয়েনে প্ৰতিনিধিসকলৰ সৈতে কেইবাটাও প্ৰেৰণাদায়ক বাৰ্তা বিনিময় কৰি শিক্ষাৰ গুৰুত্ব, ঐক্য আৰু কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নিজৰ ভিডিঅ' বাৰ্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, এই অনুষ্ঠানটোৱে আমাৰ দেশখনক সংজ্ঞাবদ্ধ কৰা এক অনুভূতিৰ নিদৰ্শন দাঙি ধৰিছে। ই হৈছে জ্ঞান, সংস্কৃতি আৰু ঐক্যৰ উৎসৱ যি বিভেদ আৰু বুজাবুজিৰ সেতুবন্ধনৰ বাবে প্ৰতিষ্ঠানসমূহৰ শক্তিৰ প্ৰমাণ। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এই চাৰিটা দিনত আপোনালোকে জ্ঞান, সংস্কৃতি আৰু বন্ধুত্বৰ যাত্ৰা আৰম্ভ কৰিব। সন্মিলনৰ মুকলি সভাত মূল ভাষণ প্ৰদান কৰে ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই।

নিজৰ উদ্বোধনী ভাষণত নীনা জৈনে কয়, ইউ এছ অ'ৰ এই ফ্লেগশ্বিপ অনুষ্ঠানটো সমগ্ৰ দেশৰ বিদ্যালয়সমূহৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ এক অনন্য সমাবেশ আৰু মেঘালয়ৰ বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৱে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। এই অনুষ্ঠানটোৱে যুৱ প্ৰজন্মৰ মাজত সামাজিক দায়বদ্ধতাৰ এক গভীৰ অনুভূতিৰ পোষকতা কৰি ঐক্য আৰু শিক্ষাৰ মনোভাৱক প্ৰতিফলিত কৰে বুলিও তেওঁ উল্লেখ কৰে।

ডo এ পি জে আব্দুল কালামৰ বিখ্যাত উক্তিৰ কথা উল্লেখ কৰি চেঞ্চেলৰ এম হকে শিশুসকলক উদ্বুদ্ধ কৰি কয় যে সপোন মানে হল যি কোনোবাক শুবলৈ নিদিয়ে। তেওঁ অনুষ্ঠানত উপস্থিত থকা সকলো শিশু আৰু অংশগ্ৰহণকাৰীক আদৰণি জনোৱাৰ লগতে ইউ এছ টি এমত থকাৰ সময়ত শিশুসকলক সকলো ধৰণৰ অভিজ্ঞতাৰ পৰা শিক্ষা ল'বলৈ আহ্বান জনায়।

চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দেশজুৰি বিদ্যালয়সমূহৰ পৰা অংশগ্ৰহণকাৰীসকলে ৰাষ্ট্ৰসংঘৰ আদৰ্শ আৰু নৈতিক প্ৰমূল্যবোধক উদগনি যোগোৱা চিন্তা-চেতনামূলক কাম-কাজত জড়িত হয়। প্ৰতিযোগিতা সমূহৰ ভিতৰত আছে বক্তৃতা (হিন্দী আৰু ইংৰাজী ভাষাত), অন-দ্য-স্পট পেইণ্টিং, একক নৃত্য, সমূহীয়া নৃত্য, আৰু নাট । এই প্ৰতিযোগিতাসমূহৰ লক্ষ্য হ'ল অংশগ্ৰহণকাৰীসকলক গোলকীয় বিষয়সমূহৰ ওপৰত সমালোচনামূলকভাৱে চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰা আৰু সৃষ্টিশীল আৰু বৌদ্ধিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ চিন্তাধাৰা প্ৰকাশ কৰা।

ইউ এছ টি এমত আৰম্ভ  ৬১ তম সৰ্বভাৰতীয় সাধাৰণ সন্মিলন আৰু বিদ্যালয় মহোৎসৱ
মানকাচৰত দুৰ্গা মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত ৮৫ বছৰীয়া মৃৎ শিল্পী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in