/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/727cc5c8-970d-409b-bb02-6b95fa0795fd/gff.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ ৩ টা দিন বাকী । দেশ তথা ৰাজ্যৰ আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো উলহ-মালহেৰে উদযাপন কৰা হ'ব শাৰদীয় দুৰ্গা পূজা ৷ বৰ্তমানে মানকাচৰৰ মৃৎশিল্পী সকলে দুৰ্গা মাৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে ৷
মানকাচৰ চহৰৰ পালপাৰাৰ ৮৫ বছৰীয়া সুনিল পাল এগৰাকী ব্যতিক্ৰম মৃৎশিল্পী। সুনিল পাল প্ৰায় ৫ বছৰ বয়সৰ পৰাই মৃৎ শিল্পী হিচাপে কাম কৰি আহিছে। পিতৃৰ পৰা শিকা কাম বিগত ৮০ বছৰ ধৰি কৰি আহিছে তেওঁ । প্ৰতি বছৰে মানকাচৰৰ বিভিন্ন প্ৰান্তত দুৰ্গা দেবীৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে তেওঁ।
প্ৰতি বছৰে ১০-১৫ টাকৈ মূৰ্তি নিজে নিৰ্মাণ কৰে তেওঁ। এইবেলি বয়স বেছি হোৱাৰ লগতে শাৰীৰিক অৱস্থা ভাল নোহোৱাৰ বাবে তেওঁ নিজে হাজে মাত্ৰ এটা মূৰ্তি নিৰ্মাণ কৰাৰ লগতে আন কৰ্মচাৰীৰ দ্বাৰা আৰু ৫ টা মূৰ্তি সহ মুঠ ৬ টা দেবীৰ মূৰ্তি নিৰ্মাণ কৰিছে তেওঁ।
তেওঁ নিজে হাতেৰে নিৰ্মাণ কৰা মূৰ্তিটো জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী চমৰাশালীস্থিত অসম আৰক্ষীৰ ২৬ নং বেটেলিয়ান কেম্পত প্ৰদৰ্শন কৰা হ'ব। মূৰ্তিৰ কাম সম্পন্ন কৰাৰ বাবে শেষ পৰশ দিয়াত ব্যস্ত তেওঁ। ধৰ্মীয় সংখ্যালঘু প্ৰধান দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰতি বছৰে শান্তিপূৰ্ণ ভাবে দূৰ্গাপূজাৰ আয়োজন কৰা হয়।
জিলাখনত কেবল মানকাচৰ চহৰতে প্ৰায় ১০-১২ টা স্থানত দূৰ্গাপূজাৰ আয়োজন কৰা হয়। একেদৰে জিলাখনৰ বৰকোনা, বাঘাপাৰা, কালাপানী, ফেকামাৰী, মহামায়ানগৰ, ঠাকুৰাণবাৰী, কাকৰিপাৰা, সুখচৰ, মালিৰ আলগা, টুমনি, মনিৰচৰ, দক্ষিণ শালমাৰা, ফকিৰগঞ্জকে ধৰি কেবাটাও স্থানত প্ৰায় ৪০ টাতকৈ ৩৫ টা স্থানত দূৰ্গা পূজাৰ আয়োজন কৰা হয়।
ইতিমধ্যে প্ৰতিটো দূৰ্গা পূজাৰ মণ্ডব সজাই পৰাই তোলা হৈছে। মৃৎশিল্পী সকলে দেবীৰ মূৰ্তিত শেষ পৰশ দিয়াৰ পাচত প্ৰতিটো পুজা মণ্ডবত দেবী স্থাপন কৰি প্ৰদৰ্শন কৰা হ'ব। জিলাখনৰ সমান্তৰালভাবে গৰাখহনীয়াৰ কবলত পৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ হেলিডেগঞ্জ, লালমাটি আদি এলেকাত বসবাস কৰা অসমীয়া লোক সকলেও পৃথক ভাবে দূৰ্গা
পূজাৰ আয়োজন কৰে। মেঘালয়তো শাৰদীয় দূৰ্গা পূজাৰ মণ্ডৱ ইতিমধ্যে সজাই পৰাই তোলা হৈছে।
Also Read: সম্পূৰ্ণ ৰীতি-নীতিৰে হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমানলোকে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us