মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসা সেৱা আগবঢ়াই পুনৰ বনত মুকলি ছটা শগুন

মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসা সেৱা আগবঢ়াই পুনৰ বনত মুকলি ছটা শগুন

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ বিশেষজ্ঞ চিকিৎসক ছামচুল আলি আৰু কেন্দ্ৰটো কৰ্মচাৰীৰ আশাশুধীয়া প্ৰচেষ্টাত পুনৰ উৰিবলৈ সক্ষম হ’ল মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ হোৱা ছটা শগুন ৷ উল্লেখযোগ্য যে যোৱা ২২ ফেব্ৰুৱাৰীত মাজুলীৰ পৰা কেন্দ্ৰটোলৈ অনা হৈছিল শগুন কেইটা ৷ মাজুলীৰ বোকাবিল এলেকাত কোনো দুস্কৃতিকাৰীৰ দুস্কাৰ্যৰ বলি হৈ মৃত্যু মুখত পৰিছিল কেইবাটাও শগুন ৷ খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱা শগুন বোৰৰ মাজৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হোৱা সাতটা শগুনক মূৰ্মুষু অৱস্থাত অনা হয় বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ ৷

কেন্দ্ৰটোৰ চিকিৎসক কৰ্মচাৰীৰ অপ্ৰাণ চেষ্টাৰ ফলত ক্ৰমে সুস্থ হৈ উঠিল মৃত্যুৰ ক্ষণ গণা ছটা শগুন ৷ অৱশ্যে মৃত্যু হয় অতি সংকটাপন্ন অৱস্থাত উদ্ধাৰ হোৱা এটা শগুন ৷ প্ৰায় পোন্ধৰ দিন চিকিৎসাৰ অন্তত উৰিব পৰা হ’ল শগুন কেইটা ৷ সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষাৰ অন্তত নিয়ম অনুসৰি মাজুলীৰ উদ্ধাৰ হোৱা স্থানতে মুকলি কৰি দিয়া শগুন কেইটা ডেউকা মাৰি উৰি গ’ল প্ৰকৃতিৰ মাজলৈ ৷ এই ক্ষেত্ৰত একাংশ দুষ্কৃতিকাৰীৰ জিঘাংসাৰ বলি হৈ ক্ৰমে বিলুপ্তিৰ দিশলৈ গতি কৰা শগুণ সংৰক্ষণৰ আহ্বান চিকিৎসক ছামচুল আলি ৷

কাৰণ আন বন্যপ্ৰাণীৰ দৰে প্ৰাকৃতিক প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাৰ বাবে শগুনৰ প্ৰয়োজনীয়তা অসীম ৷ গতিকে শগুন সংৰক্ষণত গুৰুত্ব প্ৰদান কৰিবলৈ সকলোৰে প্ৰতি আহ্বান বিশেষজ্ঞ ছামচুল আলিৰ ৷

মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসা সেৱা আগবঢ়াই পুনৰ বনত মুকলি ছটা শগুন
মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ৩ জনক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in