লামডিংত চলিছে জুৱাৰ ৰমৰমীয়া বেহা

লামডিংত চলিছে জুৱাৰ ৰমৰমীয়া বেহা

author-image
Asomiya Pratidin
New Update
লামডিংত চলিছে জুৱাৰ ৰমৰমীয়া বেহা

ডিজিটেল সংবাদ, লামডিংঃ লামডিংত চলিছে জুৱাৰ ৰমৰমীয়া বেহা। একাংশ জোৱাৰীয়ে লামডিং ৰেলৱে আৱাস গৃহত চলাই গৈছে জুৱাৰ আড্ডা ৷ লামডিং আৰক্ষীৰ তৎপৰতাত ৬ গৰাকীকৈ জুৱাৰী আৰক্ষী জালত পৰিছে।

Advertisment

এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত লামডিং আপাৰ বাবুপট্টি ৰেলৱে আৱাস গৃহ পৰা জুৱাৰ আড্ডা চলাই থকা সময়তে হাতে লুটে আৰক্ষীয়ে আটক কৰে জুৱাৰী ৬ গৰাকীক। লামডিং আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইজনৰ পৰা ৮ টাকৈ মোৱাইল ফোন, নগদ ধন প্ৰায় ৩৫ হাজাৰ টকা আৰু লগতে তাশ পাত জব্দ কৰে।

আটক কৰা ৬ গৰাকী জুৱাৰী ক্ৰমে জয়ন্ত সিনহা, বিকি পাল, সুপ্ৰিত সিং বেদী, কৈল্যন দেৱ, লিটন দাস, আৰু শিবু ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে। জুৱাৰীৰ কেইজনৰ মাজত এজন ৰেলৱে কৰ্মচাৰী আছে বুলিও জানিব পৰা গৈছে।

লামডিং আৰক্ষীয়ে জোৱাৰী কেইজনক 178 / 23 IPC 13 /14 GAMBLING ACT অধীনত আটক কৰি হোজাই শংকৰদেৱ নগৰ আদালতলৈ প্ৰেৰণ কৰে ৷

Also Read: বাই-বাই টাইগাৰ

assampolice