দেশৰ ৫০৮ টা ৰে'লৱে ষ্টেচনক অমৃত ভাৰত ষ্টেচনৰ ৰূপ দিব কেন্দ্ৰই, আছে অসমৰো নাম

দেশৰ ৫০৮ টা ৰে'লৱে ষ্টেচনক অমৃত ভাৰত ষ্টেচনৰ ৰূপ দিব কেন্দ্ৰই, আছে অসমৰো নাম

author-image
Asomiya Pratidin
New Update
দেশৰ ৫০৮ টা ৰে'লৱে ষ্টেচনক অমৃত ভাৰত ষ্টেচনৰ ৰূপ দিব কেন্দ্ৰই, আছে অসমৰো নাম

ডিজিটেল সংবাদ,লামডিং : শুকুৰবাৰে লামডিঙত লামডিং ৰে'লৱে মাণ্ডলিক প্ৰৱন্ধকে এখনি সংবাদ মেলৰ আয়োজন কৰে ৷ আগন্তুক ৬ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰায় ৫০৮ টা ৰে'লৱে ষ্টেচনক অমৃত ভাৰত ষ্টেচনৰ ৰূপ দিয়াৰ বাবে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰিমটযোগে শিলান্যাস কৰিব।

Advertisment

এই সন্দৰ্ভতে উক্ত সংবাদমেলখনি আয়োজন কৰা হয় বুলি প্ৰৱন্ধকগৰাকীয়ে সদৰি কৰে ৷ লামডিং ৰে'লৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সংবাদমেলখনৰ জৰিয়তে প্ৰৱন্ধকগৰাকীয়ে জানিবলৈ দিয়ে যে, এই অমৃত ভাৰত ষ্টেচনত লামডিং মণ্ডলৰো ১৫ টাকৈ ষ্টেচনৰ অহা দেওবাৰে শিলান্যাস কৰিব ৷

লামডিং মণ্ডলত লামডিং ৰে'লৱে ষ্টেচন (৪০কোটি) অৰুণাচল (২৯.২ কোটি), কুমাৰঘাট (৩০.২৪ কোটি), ধৰ্মনগৰ(৩২.৬ কোটি), নিউ কৰিমগঞ্জ(৩০ কোটি),উদয়পুৰ(৩৩.৮২ কোটি), নিউ হাফলং(৩৫ কোটি), লংকা (৩০.১ কোটি), হোজাই(৩০.১৯ কোটি), জাগীৰোড(৩১.১৮কোটি), চাপৰমুখ (৩১.৮৭কোটি), নাৰেংগী(৩৩.২৩ কোটি) ডিফু(৩২ কোটি) , সৰুপথাৰ(৩১ কোটি) আৰু ডিমাপুৰ (২৬৬.৬৬ কোটি) টকাৰ ব্যয় সাপেক্ষে আগন্তুক ডিচেম্বৰৰ ভিতৰত নিৰ্মাণ কৰা হ'ব বুলি সংবাদমেলত উল্লেখ কৰে ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অমৃত ভাৰত ষ্টেচনৰ জৰিয়তে যাত্ৰীসকলক উন্নত মানৰ সা-সুবিধা প্ৰদান কৰাৰ লগতে ৰে'লৱে ষ্টেচনসমূহক উন্নিতকৰণ কৰি তোলাৰ প্ৰচেষ্টা হাতত লৈছে।

Also Read: মেৰাপানীত 'দৈয়াং বাৰ্তা' নামৰ মাহেকীয়া আলোচনীৰ উন্মোচনী সভা

railway station Lumding railway junction