/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/74e5c667-164c-43c5-815d-d8917760f9db/1.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ যোগীপাৰাত ঢালীশ্বৰী হাজং নামৰ মহিলাগৰাকীৰ নামত পঞ্জীভুক্ত হৈ থকা ৩৮/৫৬ নম্বৰ দাগৰ ১১ বিঘা ভূমি ৰমিত হাজং নামৰ লোকজনে অবৈধভাৱে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।
লক্ষণীয় যে, ২০০০ চনৰ পূৰ্বে ৬৪ নং পাট্টাৰ অধীনত থকা ৩৮/৫৬ নম্বৰ দাগৰ ২৬ বিঘা ১৩ লেচা মাটি দেহশ্বৰী হাজঙৰ আছিল। সন্তানহীন দেহশ্বৰী হাজং ২০০০ চনত ভূমিখিনি ঢালশ্বৰী হাজং আৰু ৰমিত হাজংক সমানে দান কৰি দিয়ে। ইয়াৰ পিচৰে পৰা দুয়োৰ নামত ভূমিখিনি পঞ্জীভুক্ত হৈ আছে। কিন্তু স্থানীয় একাংশ দালালৰ সহযোগত চক্ৰান্তমূলকভাৱে ভূমিখিনি জহিৰুল ইছলাম নামৰ লোকজনৰ ওচৰত বিক্ৰী কৰি দিয়ে। ঢালশ্বৰী হাজঙৰ পৰা কোনো ধৰণৰ অনুমতি নলৈ ভূমিখিনি অবৈধভাৱে বিক্ৰী কৰাৰ অভিযোগ তুলিছে ভূক্তভূগী ঢালশ্বৰী হাজং আৰু তেওঁৰ পৰিয়ালে। ঘটনাক লৈ কালাপানী আৰক্ষী চকীত এটি এজাহাৰ দাখিল কৰা হৈছে।
লক্ষণীয় যে, মানকাচৰ ৰাজহ চক্ৰৰ অধীনত থকা ভূমিখিনি কিদৰে ঢালশ্বৰী হাজঙৰ অনুমতি নলৈ বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ঘটনাক লৈ তদানীন্তন লাটমণ্ডল ছামছুল হক সহ ৫জনৰ বিৰুদ্ধে কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে।
ঝালোৰচৰৰ আনোৱাৰ হুছেইন মণ্টু নামৰ দালাল জনে মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীক মেনেজ কৰি অবৈধ ভাৱে ভূমিখিনি বিক্ৰী কৰা বুলি ভূক্তভূগী পৰিয়ালটোই অভিযোগ তুলিছে। এই ঘটনাৰ লগত জৰিত দালাল চক্ৰটোক গ্ৰেপ্তাৰ কৰি পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ ভূক্তভূগী পৰিয়ালটো মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে।
Also Read: মেৰাপানীত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণঃ আটক এজন