/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8d450993-7655-4025-b622-98800347902d/4th.jpg)
ডিজিটেল ডেস্ক: অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ইউএচটিএমৰ আচাৰ্য মহবুবুল হককে ধৰি ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত সোমবাৰে ৪৭ সংখ্যক সর্বভাৰতীয় সমাজবিজ্ঞান সন্মিলনখন উদ্বোধন কৰে। ইউনিভাৰ্চিটি অব চায়েন্স এণ্ড টেকন'লজিয়ে (ইউএছটিএম) ৩ দিনীয়া এই বৃহৎ সমাজবিজ্ঞান সন্মিলনখন আয়োজন কৰিছে। ইণ্ডিয়া ছ'চিয়েল জিকেল ছ'চাইটিয়ে ২০ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰৈ ইউএছটিএমত আয়োজন কৰা এই সন্মিলনত ভাৰতৰ বিভিন্ন ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ১২০০ ৰো অধিক সমাজ বিজ্ঞানীয়ে অংশগ্রহণ কৰে।
সমাৱেশক উদ্দেশ্যি অধ্যাপক জন্মনীশ মুখীয়ে কয় “ইউএছটিএমৰ দৰে এখন নুমলীয়া বিশ্ববিদ্যালয়ে উত্তৰ-পূব ভাৰতত পোন প্ৰথমবাৰৰ বাবে এনেকুৱা বৃহৎ সন্মিলন আয়োজন কৰাটো এক গৌৰৱৰ কথা। উত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰী সকলক গুণগত মানৰ শিক্ষা প্রদান কৰাত গুৰুত্ব আৰোপ কৰা ইউ এছ টি এম হৈছে এখন আশাব্যঞ্জক শৈক্ষিক প্রতিষ্ঠান।”
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d7f3e6e0-3e71-4cfe-a622-2136b7e0f04d/09f04a9e_4da1_4210_9b4a_d935e76e2ec2.jpg)
ইউএছটিএমৰ নেতৃত্বদানক প্ৰশংসা কৰি ৰাজ্যপাল মুখীয়ে কয় যে, আচার্য মহবুবুল হকে আমাৰ দেশৰ আৰ্থ-সামাজিক বিকাশত ইন্ধন যোগোৱাত মানৱ সম্পদ সৃষ্টি কৰিবলৈ ছাত্র-ছাত্রী সকলক এক বৈশ্বিক প্রত্যাশা প্রদান কৰিছে। তেওঁ ভাৰতত লিংগ, আইন আৰু সামাজিক পৰিবর্তন শীর্ষ এখন গ্রন্থও উন্মোচন কৰে আৰু ভূপালৰ অধ্যাপক আই এছ. চৌহান আৰু মাহিচু অধ্যাপক আৰু ইন্দিৰাক জীৱন জোৰা কৃতিত্বৰ বঁটা অৰ্পন কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে ভাৰতত সমাজবিজ্ঞানৰ শতবৰ্ষ: ভবিষ্যতৰ বাবে টেজেক্টৰীসমূহৰ অন্বেষণ।
নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় পদ্মভূষণ প্ৰফেছাৰ এমিৰিটাছ টি কে ওম্মেনে "অন দ্য ফাইব'লচ আৰু ইণ্ডিয়ান ছচিঅলজিঃসেইবোৰৰ সংশোধনৰ দিশত পৰামৰ্শ শীর্ষক বিষয় ওপৰত মূল বক্তৃতা আগবঢ়ায়। ভাৰতত সমাজবিজ্ঞানৰ শতবর্ষঃমেপিং দ্য ট্ৰাজক্টৰী বিষয়ৰ ওপৰত ভষণ দিয়ে ভাৰতীয় সমাজবিজ্ঞান ছচাইটিৰ তথা জম্মু বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিষয়ৰ অধ্যাপক আভা চৌহানে।
এই সংক্রান্তত ৪৭ সংখ্যক সৰ্ব ভাৰতীয় সমাজবিজ্ঞান সন্মিলনৰ সাংগঠনিক সম্পাদক অধ্যাপক বি আই লস্কৰে কয় যে, তিনি দিনীয়া এই মেগা সমাজবিজ্ঞান অনুষ্ঠানত উদ্বোধনী আৰু সামৰণি সত্ৰৰ উপৰিও তিনিটা স্মাৰক বক্তৃতা, তিনিটা পূৰ্ণাংগ সত্ৰ আৰু ২১ টা কাৰিকৰী সত্ৰ অন্তৰ্ভুক্ত আছে। সন্মিলনৰ সূচীত জীৱনজোৰা কৃতিত্ব বঁটা, স্মাৰক বঁটা, গ্ৰন্থ উন্মোচন আদিও অন্তর্ভুক্ত আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/362e13bb-cefe-430c-8fee-b9496732ff06/WhatsApp_Image_2022_12_20_at_4_01_02_PM.jpeg)
সন্মিলনৰ বিভিন্ন সত্ৰৰ কিছুমান শিৰোনাম হ'ল ভাৰতত সমাজবিজ্ঞানৰ এক শতিকা : শিক্ষণ আৰু গৱেষণা, সমাজবিজ্ঞান আৰু সামাজিক নৃতত্ববিজ্ঞান অধ্যয়নত উত্তৰ পূব ভাৰত: উদীয়মান বিষয় আৰু উদ্বেগ, সমাজবিজ্ঞান আৰু সামাজিক নীতি আন্তঃপৃষ্ঠ : কভিডোত্তৰ বিশ্বৰ বাবে পথনক্সা, উন্নয়নৰ বিৰোধ আৰু ট্ৰেজেক্টৰী ভাৰত ৰাজ্য আৰু জনজাতি, পুৰণি পুৰণিত নতুন : ভাৰতীয় পৰম্পৰাৰ আধুনিকীকৰণৰ পঞ্চাশ বছৰ উদযাপন।