প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ওপৰ চচল বিহু সন্মিলনৰ চতুৰ্বিংশতিতম ব'হাগী উৎসৱৰ আয়োজন

সদৌ অসম ভিত্তিত বিহুৱতী, বিহু হুঁচৰি, মৌ কুঁৱৰী, একক আৰু দলীয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা

ডিজিটেল সংবাদ,বেবেজীয়া : মহানগৰীৰ চচলত অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক শুদ্ধ আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ২০০০ চনতে গঠিত হোৱা ওপৰ চচল বিহু সন্মিলনে অসমৰ তিনিওটা বিহু উলাহ-মালহেৰে উদযাপন কৰি আহিছে। বিগত বৰ্ষ কেইটিৰ দৰে এইবাৰো ২৪সংখ্যক ৰঙালী বিহু অহা ১ ব'হাগ, ২৮ ব'হাগ আৰু ২৯ ব'হাগত তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ যো-জা কৰিছে।

২৪ সংখ্যক ৰঙালী বিহু উপলক্ষে পৱণ বুঢ়াগোহাঁইক সভাপতি, কুমুদেশ্বৰ শৰ্মাক কাৰ্যকৰী সভাপতি, নৱ কুমাৰ মুদৈক সাধাৰণ সম্পাদক হিচাপে লৈ ১০১ জনীয়া এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে। বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি বিহু, পৰম্পৰাগত খেল-ধেমালি, কলৰ দোনাত বিহুৰ জলপান, সদৌ অসম ভিত্তিত চিত্ৰাংকন, আকস্মিক স্মৃতিপ্ৰভা, কুইজ প্ৰতিযোগিতা,একক আৰু দলীয় শাখাত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, মৌ-কুঁৱৰী, বিহুৱতী আৰু বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ৷

বিহু-হুঁচৰি প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগী দলক ৩১,০০০ হাজাৰ আৰু ২১,০০০ হাজাৰ টকা, বিহুৱতী প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ২১,০০০ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ ১৫,০০০ হাজাৰ টকা লগতে মৌ-কুঁৱৰী একক দলীয় লোকনৃত্য, চিত্ৰাংকন, আকস্মিক স্মৃতিপ্ৰভা, কুইজ আদি সকলো প্ৰতিযোগিতাতে নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব ৷ ইয়াৰোপৰি সাংস্কৃতিক অনুষ্ঠান আৰোগ্য যোগ কেন্দ্ৰই ধিঙৰ আকৰ্ষণীয় দলীয় যোগ নৃত্য প্ৰদৰ্শন কৰিব।

চলচলত অনুষ্ঠিতব্য ৰঙালী বিহুত বিদেশত সমাদৃত পৰিবেশ্য কলাৰ প্ৰতিষ্ঠান সূত্ৰধাৰ নগাঁৱৰ মনোমোহা নৃত্যানুষ্ঠান, নিমাই চুৰ বনাম চিচিংফাক কৌতুক গোষ্ঠীৰ হাঁহিৰ ঠুনপাক বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে উক্ত অনুষ্ঠানত গীত পৰিবেশনৰ বাবে জনপ্ৰিয় গায়ক ৰোহিত সোণাৰক আনমন্ত্ৰণ জনোৱা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

ৰোহিত সোণাৰৰ উপৰি ময়ুৰাক্ষী মহন্ত, সদানন্দ বৰ্মুন,সুদীপ্ত ভৰদ্বাজ আৰু ডা° নিশা তালুকদাৰে উক্ত অনুষ্ঠানত গীত পৰিবেশন কৰিব বুলি সাংস্কৃতিক সম্পাদক ধনঞ্জয় তালুকদাৰ আৰু পূৰ্ণকান্ত মহন্তই এক প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা জানিবলৈ দিয়ে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, উক্ত অনুষ্ঠানত প্ৰতিযোগীসকলে আগতীয়া যোগাযোগৰ বাবে ৯৪৩৫৩৪৮৫৩৬, ৮৬৩৮১৪৮৫৬১ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

প্ৰতিনিধিত্বমূলক ফটো
বৰপেটাৰোডত ট্ৰাকে খুন্দিয়ালে স্কুটীকঃ একে পৰিয়ালৰ ৩ কিশোৰ-কিশোৰী নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in