দেশ বুলি ক'লে আদেশ নালাগে...

দেশ বুলি ক'লে আদেশ নালাগে...

ডিজিটেল ডেস্ক : "দেশ বুলি ক'লে আদেশ নালাগে

মোৰ তুমৰলি তেজত তগবগাই উঠে

এহেজাৰ এটা ৰণুৱা ঘোৰা"

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ এই কবিতা ফাকি যেন প্ৰতিজন দেশ প্ৰেমিকৰ বাবেই এটি আহ্বান, শত্ৰুৰ বিৰুদ্ধে ৰণ-দুন্দুভী । এই কবিতা ফাকিয়ে আমাক ক্ষণে ক্ষণে সোঁৱৰাই শৰাইঘাটৰ ৰণৰ কথা । নৰীয়া পাটীৰ পৰাই 'মৰিলে স্বৰ্গ, তৰিলে দেশ' বুলি মহা পৰাক্ৰমী মোগলক উফৰাই পঠিওৱা বীৰ লাচিত বৰফুকনৰ কথা সোঁৱৰাই এই কবিতা ফাকিয়ে । যেন কেৱল লাচিত বৰফুকনৰ বাবেই লিখা হৈছিল এই ফাকি কবিতাৰ শাৰী ।

আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী । ১৬২২ চনৰ ২৪ নৱেম্বৰত জন্ম লাভ কৰিছিল বৰ অসমক মোগলৰ হাতৰ ৭ বাৰকৈ ৰক্ষা কৰা বীৰ লাচিত বৰফুনে । ৰাজকীয় পৰিয়ালত জন্ম লাভ কৰাৰ বাবেই শিশু কালৰে পৰাই সামৰিক শিক্ষাও লাভ কৰিছিল লাচিত বৰফুকনে । প্ৰথমাৱস্থাত দুৰ্দান্ত ঘোৰাক বশ কৰি ঘোৰা বৰূৱাৰ পদ লাভ কৰা লাচিত বৰফুকনে নিজৰ কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠাৰ বাবে পাছলৈ লাভ কৰিছিল ফুকনলুং পদবী ।     

সেই লাচিত বৰফুকন কেৱল সুদক্ষ সেনাপতিয়েই নাছিল বৰং বৰ অসমৰ ভৌগোলিক জ্ঞানো আছিল যথেষ্ট । পৰাক্ৰমী মোগল সেনাক পৰাস্ত কৰিবলৈ অসমৰ ওখ পাহাৰ আৰু বৰলুইতৰ সহায়ত ৰচিছিল গেৰিলা যুদ্ধৰ কৌশল । গড় তৈয়াৰ কৰি শত্ৰুক ৰোধিবলৈ কৰা নিৰ্মাণ কাৰ্যত মোমায়েকে কৰা অৱহেলাৰ বাবে নিমিষতে শিৰচ্ছেদ কৰি প্ৰদৰ্শন কৰিছিল দেশ প্ৰেমৰ চূড়ান্ত উদাহৰণ ।

অসমৰ সৰ্বশ্ৰেষ্ঠ নায়ক বুলি গণ্য কৰা লাচিত বৰফুকন আছিল বিখ্যাত শৰাইঘাট ৰণৰ সেনা নায়ক । যাৰ বাবেই মোগলে বৰ অসম দখলৰ সপোন পাহৰি উভটি যাবলৈ বাধ্য হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in