চিলাপথাৰত একেদিনাই ৪ পানী যোগান আঁচনিৰ উদ্ধোধন

চিলাপথাৰত একেদিনাই ৪ পানী যোগান আঁচনিৰ উদ্ধোধন কৰিলে বিধায়ক ভূৱন পেগুৱে।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত একেদিনাই ৪ পানী যোগান আঁচনিৰ উদ্ধোধন

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰত একেদিনাই চাৰিখন পানী যোগান আঁচনি উদ্ধোধন কৰিলে বিধায়ক ভূৱন পেগুৱে। "এটোপাল বিশুদ্ধ পেয়জল সেৱন প্ৰতিজন স্বাধীন দেশৰ নাগৰিকৰে অধিকাৰ।" এই মন্তব্য জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ। শুকুৰবাৰে চিলাপাথাৰ চেকাই বালি নপাম গাঁৱত এখন জল মিচনৰ পানী যোগান আঁচনি উদ্বোধন কৰি বিধায়াকবজনে এইদৰে কয়।

Advertisment

উল্লেখ্য যে, কালি চিলাপথাৰ অঞ্চলত একেটা দিনতে অলপতে সম্পূৰ্ণ হোৱা জল জীৱন মিছনৰ চাৰি খনকৈ আঁচনি শুভ উদ্ধোধন কৰে স্থানীয় বিধায়ক জনে। আঁচনি কেইখন হল চেকাই বালি নপাম্,চেকাই বালি বেলং চুক, চেকাই মাজ গাওঁ আৰু লহৰাম খুটি পানী যোগান আঁচনি।

ইয়াৰে জল জীৱন মিছনৰ অধীনত ৮১,৮৪ লাখ টকা ব্যয় সাপেক্ষে চেকাই বালি ন- পাম গাঁওত নৱ নিৰ্মিত আঁচনিখন এক হৰ্ষোল্লাসৰ মাজেৰে শুভ উদ্বোধন‌ কৰা হয়। পিছপৰা গাওঁ খনৰ ৯৯ টা পৰিয়ালক উপকৃত কৰিব পৰা আঁচনিখনে ৰাইজৰ দীৰ্ঘদিন পেয়জলৰ সমস্যা সমাধান কৰিব বুলি বিধায়ক জনে সদৰি কৰে। লগতে সামগ্ৰিক পৰিবৰ্তন আৰু উন্নয়নক মূল মন্ত্ৰ হিচাপে লৈ চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে কথা মতে প্ৰতিশ্ৰুতি ৰাখিছে আৰু ৰাইজৰ সহযোগ অবিহনে কোনো আঁচনি প্ৰত্যাশীতভাৱে ফলদায়ক নহয় বুলি মন্তব্য কৰি সকলোকে চৰকাৰৰ উন্নয়নমূলক কাম কাজত সহযোগ আগবঢ়াবলৈও তেওঁ আহ্বান জনায়।

এম এম কেৰ চিলাপথাৰ জিলাৰ সম্পাদক চিবিৰাম টাৱই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বিধায়ক জনৰ লগতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, টি এম পি কেৰ সভাপতি তিলক দলে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধেমাজি সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা বিদ্যুৎ জ্যোতি বুঢ়াগোহাঁই, কণিষ্ঠ অভিযন্তা বাবুল দত্ত, জেষ্ঠ্য নাগৰিক টি বি কুটুম,শচীন দলে,পঞ্চায়ত সভাপতি ডিম্পুল কুটুম, সচিব নিমাই দাস, স্থানীয় গাঁওবুঢ়াৰ লগতে টি এম পি কে, এম এম কে,টি এম এম কে আদি সংগঠনৰ বহু কৰ্মী ৰাইজৰ সৈতে উপস্থিত থাকে।

Also Read: ছাগলী চোৰৰ সন্ত্ৰাসঃ চুইফট ডিজাআৰ গাড়ীত চুৰি কৰিলে ছাগলী

জল জীৱন মিছন