ফেৰীৰে গৈ মনোনয়ন দাখিল ৰকিবুল হুছেইনৰ...

ফেৰীৰে গৈ মনোনয়ন দাখিল ৰকিবুল হুছেইনৰ...

author-image
Asomiya Pratidin
New Update
ফেৰীৰে গৈ মনোনয়ন দাখিল ৰকিবুল হুছেইনৰ...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ দ্বিতীয় দিন। অসমৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা ধুবুৰী লোকসভা সমষ্টিৰ পৰা আজি অগপ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে মনোনয়ন পত্ৰ দাখিল কৰিব। মানকাচৰ সমষ্টিৰ শ শ কংগ্ৰেছৰ  সমৰ্থকৰ সহযোগত বেপাৰীপাৰা পাৰঘাটৰ পৰা ফেৰীৰে ধুবুৰীলৈ যাত্ৰা আৰাম্ভ  কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে।

Advertisment

ইয়াৰোপৰি এন ডি এ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে দাখিল কৰিব মনোনয় পত্ৰ। এন ডি এ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিলৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় বিজেপি সভাপতি জে পি নাড্ডাই। ইয়াৰ সমান্তৰালকৈ বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

উল্লেখযোগ্য যে ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচন । এইবছৰ দেশত ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ'ব। ১৯ এপ্ৰিল পৰা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৫টা সমষ্টিত অনুষ্ঠিত হ'ব। কাজিৰঙা, শোণিতপুৰ, ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাটত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব দৰং-ওদালগুৰি, ডিফু(ST), কৰিমগঞ্জ, শিলচৰ(SC), নগাওঁত। বৰপেটা, কোকৰাঝাৰ(ST), ধুবুৰী, গুৱাহাটীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব ৭মে'ত।

Also Read: বটদ্ৰৱাত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ জনতাৰ...

nda jayanta basumatary rakibul hussain bjp Nomination loksabha election congress