বটদ্ৰৱাত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ জনতাৰ...

বটদ্ৰৱাত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ জনতাৰ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ উলাই আহিল সাধাৰণ জনতা। বটদ্ৰৱা আৰক্ষী হায় হায়, বটদ্ৰৱা আৰক্ষী মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰিলে ৰাজপথ। সাম্প্ৰতিক সময়ত নগাঁও জিলাৰ পশ্চিমাঞ্চল অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে।

চুৰি, ডকাইতি, জুৱা, ড্ৰাগছৰ পয়োভৰত সৰ্বসাধাৰণ নিদ্ৰা হৰণ হৈ পৰিছে। কিন্তু সকলো দেখিও নিমাত আৰক্ষী। যাৰ পৰিপ্ৰেক্ষিতত ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে সাধাৰণ জনতা। এই পৰিস্থিতৰ সৃষ্টি হৈছে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবি গাঁৱত।

উল্লেখযোগ্য যে, বটদ্ৰৱা থানৰ অন্তৰ্গত সৰুহিছা, বৰহিছা, বৰভেটি, হাইডুবিত গাঁও সমূহত বিগত দিনত চুৰে সন্ত্ৰাস সৃষ্টি কৰিছে, নিতৌ হোৱা চুৰি কাণ্ডৰ বাবে আজি সৰৱ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। ৰাইজৰ ধন জনৰ নিৰাপত্তাৰ বাবে চৰকাৰৰ হস্তক্ষেপ দাবী তুলিছে।

বটদ্ৰৱাত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ জনতাৰ...
বিশ্বনাথ-বিহালীৰ ৩,৪২,৯৫৪গৰাকী ভোটাৰৰ হাতত ৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in