/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ee576fa6-25dd-45b4-8f52-09ab3e25d54c/judo.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৰাজ্যিক জুডো প্ৰতিযোগিতা। সেয়ে শনিবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাক লৈ বিশ্বনাথত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷
২২ আৰু ২৩ জুলাইত বিশ্বনাথৰ হিমালয় ইণ্ডাষ্ট্ৰীত অলিম্পিক খেল জুডোৰ ৩৩ সংখ্যক ৰাজ্যিক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিশ্বনাথ চেম্পিয়ন মেকাৰ্চ একাডেমীৰ উদ্যোগত আৰু বিশ্বনাথ জিলা জুডো সংস্থাৰ সহযোগত প্ৰথমবাৰলৈ বিশ্বনাথ অনুষ্ঠিত এই জুডো প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ৫ শতাধিক খেলুৱৈয়ে এই প্ৰতিযোগিতাত ভাগ লয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6d75ff92-7308-44b2-bd42-2b259b628550/b9ad3f29_d68d_4f68_bffc_bf1964d583b1.jpg)
আজিৰ অন্তিম তথা মূল খেলখন উদ্ধোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। প্ৰতিযোগিতাখনত প্ৰাক্তন খেলুৱৈসকলৰ লগতে বৰেণ্য ব্যক্তিসকল উপস্থিত থাকে ৷ ইয়াৰ উপৰিও উপস্থিত থাকে ৰাজ্যিক জুডো এচোছিয়েচনৰ সভাপতি বাণীব্ৰত দাস আৰু সম্পাদক জাফৰ খান ৷
Also Read: কোকিলকণ্ঠী লতাৰ আদৰ্শক অনুকৰণত ব্যস্ত শিৱসাগৰৰ কিশোৰী...