হাটশিঙিমাৰীত একেলগে ৩১ টা জল জীৱন মিচন আঁচনিৰ প্ৰকল্প মুকলি

হাটশিঙিমাৰীত একেলগে ৩১ টা জল জীৱন মিচন আঁচনিৰ প্ৰকল্প মুকলি

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰীত একেলগে ৩১ টা জল জীৱন মিচন আঁচনিৰ প্ৰকল্প মুকলি

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : হাটশিঙিমাৰীত শুকুৰবাৰে একেলগে ৩১ টা জল জীৱন মিচন আঁচনিৰ প্ৰকল্প মুকলি কৰা হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী প্ৰেক্ষাগৃহত শুকুৰবাৰে পুৱাৰ ভাগত জিলাখনৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা এই ৩১ টা জল জীৱন মিচন আঁচনিৰ প্ৰকল্প মুকলি কৰি হস্তান্তৰ কৰা হয়।

Advertisment

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিচন আঁচনি প্ৰকল্পৰ জৰিয়তে দেশৰ প্ৰতিটো ঘৰত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে পি ডব্লিউ এছ এছ (PWSS) প্ৰকল্প নিৰ্মাণ কৰি আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জিলাখনত মুঠ ২৮৫ টা জল জীৱন মিচনৰ প্ৰকল্প নিৰ্মাণ কৰা হ'ব।

ইতিমধ্যে জিলাখনত মুঠ ১৭৭ টা জল জীৱন মিচন আনুষ্ঠানিকভাৱে মুকলি কৰাত জিলাখনৰ প্ৰায় ৯৯ হেজাৰ পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিছে। আজি আনুষ্ঠানিকভাৱে ৩১ টা জল জীৱন মিচন আঁচনিৰ প্ৰকল্প নিৰ্মাণ কৰা হয়।

জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা, মানকাচৰ আৰু ফেকামাৰী খণ্ড উন্নয়ন বিষয়াসকলৰ উপস্থিতিত আঁচনিসমূহৰ ইউজাৰ কমিটিক হস্তান্তৰ কৰি দিয়া হয়। এই ৩১ টা আঁচনিৰ জৰিয়তে ৯১৪৫ টা পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিব। লক্ষণীয় যে, জিলাখনত বিভিন্ন ক্ষেত্ৰত উত্তম পাৰদৰ্শিতাৰ বাবে ১০ প্ৰকাৰৰ জলসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়।

Also Read: লাগিলে খেতিয়েই নকৰো, ডাউকৰ সংসাৰ নাভাঙো...

hatsingimari Jal Jeevan Mission mancachar