বিহাৰৰ গয়াত উপ-মেয়ৰৰূপে চাফাই কৰ্মী

বিহাৰৰ গয়াত উপ-মেয়ৰৰূপে চাফাই কৰ্মী

ডিজিটেল ডেস্ক : পূৰ্বৰ চাফাই কৰ্মী এতিয়াৰ উপ-মেয়ৰ । অবিশ্বাস্য যেন লাগিলেও এই ঘটনা সংঘটিত হ'ল বিহাৰৰ গয়াত । গয়াৰ নৱ নিযুক্ত উপ-মেয়ৰ চিন্তা দেৱী বিগত ৪০ বছৰ ধৰি আছিল চাফাই কৰ্মী । ৰাজপথৰ পৰা মানুহৰ পেলনীয়া অৱশিষ্ট চাফা কৰা আছিল তেখেতৰ কৰ্ম । কিন্তু দৈৱৰ কৃপাত এতিয়া তেখেত চহৰখনৰ উপ-মেয়ৰ ।

অৱশ্যে এইয়া নতুন নহয় চহৰখনৰ বাবে । ইয়াৰ পূৰ্বেও ১৯৯৬ চনত গয়া সমষ্টিৰ পৰা বিধান সভালৈ নিৰ্বাচিত হৈছিল বিহাৰৰ মুছাহাৰ সম্প্ৰদায়ৰ এগৰাকী নাৰী । মুছাহাৰ সম্প্ৰদায়ৰ লোকসকলে প্ৰকৃততে দৈনিক মজুৰীৰ হিচাবত শিল ভাঙি জীৱন নিৰ্বাহ কৰিছিল ।

আনহাতে, এই সন্দৰ্ভত গয়াৰ নৱ নিযুক্ত মেয়ৰ গৰাকীৰ ভাষ্য অনুসৰি মানুহৰ বিষ্ঠা, অৱশিষ্ট মূৰত কঢ়িয়াই ৰাজপথ চাফা কৰা এগৰাকী নাৰীয়ে উপ-মেয়ৰ হিচাপে নিযুক্তি লাভ কৰা কাৰ্যই সূচায় গয়াৰ উত্তৰণ ।  

উল্লেখ্য যে, বিগত সময়ছোৱাত কেৱল চাফাই কৰ্মীয়েই নহয় বৰং এগৰাকী শাক-পাছলি বিক্ৰেতা ৰূপেও দেখা গৈছিল চিন্তা দেৱীক । হয়তো সেইবাবেই ৰাইজে পূৰ্বৰ নেতা সকলৰ নৱ্য উদাৰবাদত অতিষ্ঠ হৈ জয়যুক্ত কৰে চিন্তা দেৱীক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in