বৃদ্ধি পালে মিজোৰামৰ শিলৰ কুৱেৰীত মৃতকৰ সংখ্যা...

বৃদ্ধি পালে মিজোৰামৰ শিলৰ কুৱেৰীত মৃতকৰ সংখ্যা...

ডিজিটেল ডেস্ক : সোমবাৰে বিয়লি মিজোৰামৰ এটি শিলৰ কুৱেৰী খহি জীৱন্তে পোত গৈছিল বহু কেইজন শ্ৰমিক । এই চাঞ্চল্যকৰ ঘটনাটিৰ পাছতেই সীমা সুৰক্ষা বল, এন ডি আৰু এফ আৰু ৰাজ্যিক আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছিল ৮ গৰাকীকৈ শ্ৰমিকৰ মৃতদেহ ।

হৃদয়বিদাৰক এই দুৰ্ঘটনাটিৰ উদ্ধাৰ অভিযান অব্যাহত থকা সময়ছোৱাতে মঙলবাৰে উদ্ধাৰ কৰা হ'ল আন ৩টি মৃতদেহ । ইয়াৰ সৈতেই কুৱেৰীৰ দুৰ্ঘটনাটোত মৃত লোকৰ সংখ্যা বৃদ্ধি পালে ১১ জনলৈ । উদ্ধাৰ অভিযান সন্দৰ্ভত এই তথ্য প্ৰকাশ কৰে মিজোৰামৰ অতিৰিক্ত আৰক্ষী উপায়ুক্তই ।    

উল্লেখ্য যে, দুৰ্ঘটনাটিৰ পাছত সীমা সুৰক্ষা বলৰ তৎপৰতাতেই মূলত: সম্ভৱ হৈছিল মৃতদেহ কেইটা উদ্ধাৰ কৰা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in