'কামেশ্বৰী সেতু' নামেৰে মালিগাঁও উৰণীয়া সেতু নামাকৰণৰ দাবী...

৩০ আগষ্টত মুকলি হ'ব মালিগাঁও উৰণীয়া সেতু। উৰণীয়া সেতুখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। ২ বছৰ ৪ মাহ ধৰি এই উৰণীয়া সেতুখনৰ কাম-কাজ চলি আছিল।

author-image
Asomiya Pratidin
New Update
'কামেশ্বৰী সেতু' নামেৰে মালিগাঁও উৰণীয়া সেতু নামাকৰণৰ দাবী...

ডিজিটেল ডেস্কঃ ৩০ আগষ্টত মুকলি হ'ব মালিগাঁও উৰণীয়া সেতু। উৰণীয়া সেতুখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। ২ বছৰ ৪ মাহ ধৰি এই উৰণীয়া সেতুখনৰ কাম-কাজ চলি আছিল।

Advertisment

ৰামধেনু আকৃতিত নিৰ্মাণ কৰি উলিওৱা হৈছে উৰণীয়া সেতুখন। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মালিগাঁও উৰণীয়া সেতুৰে নামাকৰণ কৰা হ'ব এই সেতুখন।

কিন্তু এই সেতুখন 'কামেশ্বৰী সেতু' নামেৰে নামাকৰণ কৰাৰ দাবী কৰিছে পেট্ৰিয়টিক পিপলছ ফ্ৰণ্ট অসমে। কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰৰ পৰা আৰম্ভ কৰি মালিগাঁও অভিমুখে যোৱা এই উৰণীয়া সেতুখন দেৱী কামাখ্যাৰ নামেৰে নামাকৰণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

তেওঁলোকে কয় যে, মাক দেৱী কামাখ্যা কামেশ্বৰী বা কাতিয়ানী হিচাপেও উপাসনা কৰা হৈছিল। ভাৰতৰ শক্তিপীঠ সমূহৰ ভিতৰত নীলাচল পাহাৰত থকা এই শক্তিপীঠো অন্যতম।

পবিত্ৰ হিন্দু শাস্ত্ৰ কালিকা পুৰাণত দেৱী কামাখ্যাৰ বিস্তৃত বৰ্ণনা দিয়া হৈছে। প্ৰাচীন কালৰ পৰাই এই অঞ্চলটো কামৰূপ-কামাখ্যাৰ দেশ হিচাপে পৰিচিত। সেয়েহে যদি উৰণীয়া সেতুৰ নাম কামেশ্বৰী সেতু ৰখা হয় তেন্তে বিশেষকৈ সকলো ভক্ত আৰু সাধাৰণ লোকৰ বাবে ই এক উপযুক্ত সন্মান হ'ব বুলি কয় সংগঠনটোৱে।

Also Read: গ্ৰীচত উপস্থিত নৰেন্দ্ৰ মোডীঃ ৪০ বছৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এই যাত্ৰা

himanta biswa sarma