মুখ্যমন্ত্ৰী সাহায্য পূঁজিলৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ৩ লাখ টকাৰ সাহায্য…

মুখ্যমন্ত্ৰী সাহায্য পূঁজিলৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ৩ লাখ টকাৰ সাহায্য…

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰী সাহায্য পূঁজিলৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ৩ লাখ টকাৰ সাহায্য…

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ অধীনস্থ সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজাববীয়াকৈ মুখ্যমন্ত্ৰী সাহায্য পূঁজি" লৈ আগবঢ়াই তিনি লাখ টকাৰ বৰঙণি।

Advertisment

সোমবাৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিধায়ক গৰাকীয়ে চেকযোগে তিনিলাখ টকা মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰে বুলি জানিবলৈ দিছে ৷ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।

অসম চৰকাৰৰ এই যাত্ৰাত সহযোগিতা আগবঢ়োৱা উদ্দেশ্য বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সোমবাৰে মুখ্যমন্ত্ৰীগৰাকী হাতত "মুখ্যমন্ত্ৰী সাহায্য পূঁজি" লৈ ৩ (তিনি) লাখ টকাৰ আৰ্থিক সহযোগিতা আগবঢ়োৱা বুলি জানিবলৈ দিছে ৷

আৰু পঢ়ক: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ পৰিস্থিতিঃ উদ্যানখনত নাওৱেই একমাত্ৰ ভৰষা বনকৰ্মীৰ…

assam himanta biswa sarma