ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ পৰিস্থিতিঃ উদ্যানখনত নাওৱেই একমাত্ৰ ভৰষা বনকৰ্মীৰ…

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ পৰিস্থিতিঃ উদ্যানখনত নাওৱেই একমাত্ৰ ভৰষা বনকৰ্মীৰ…

ডিজিটেল সংবাদ ওৰাং: ধনশ্ৰী নদীত কালিৰে পৰা হঠাৎ বৃদ্ধি হোৱা বাঢ়নী পানীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ৰাষ্টীয় উদ্যানখনৰ প্ৰায় ৮০ শতাংশ অঞ্চল বানপানীয়ে বুৰাই পেলাইছে৷ উদ্যানখনৰ দক্ষিণে ব্ৰহ্মপুত্ৰ নৈ, ধনশ্ৰী নৈৰ লগতে পাছনৈৰ বাঢ়নি পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত বন্য জীৱ-জন্তুৰ প্ৰতি ভাবুকী কঢ়িয়াই আনিছে।

অৱশ্যে ইতিমধ্যে বহু বন্য জীৱ-জন্ত ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে৷ বানপানীৰ মাজতো বনকৰ্মীসকলে অতি কষ্টৰে ৰাষ্টীয় উদ্যোগৰ বন্য জীৱ-জন্তু সমূহৰ পহৰা দিছে৷ উদ্যানখনৰ সকলো বন শিবিৰ জলমগ্ন হৈ পৰিছে৷ উদ্যানখনৰ ৰৌমাৰী আৰু খয়ৰাচালি, বালিকেম্পত ৭ ফুট, ৮ফুট পৰ্যন্ত পানী উফণ্ডি উঠিছে৷

এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গঁড়কে ধৰি অন্যান্য বন্য জীৱ-জন্ত সমূহ চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ নাঁৱেৰে কৰ্তব্য পালন কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে কালিৰে পৰা ধনশ্ৰী নৈৰ পানী হঠাৎ বৃদ্ধি পোৱাত উদ্যানখনৰ পূৱ প্ৰান্তৰ কেইবাটাও বন শিবিৰত ভয়ানক ভাৱে পানী বৃদ্ধি পাইছে৷ উদ্যানখনৰ প্ৰায় ৩০ টা বন শিবিৰ বানৰ কৱলত পৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in