/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e63a52a6-1723-4999-a409-78e1b155e361/WhatsApp_Image_2023_01_06_at_11_39_13_AM.jpeg)
ডিজিটেল ডেস্ক: অসমৰ তিনিগৰাকী ব্যক্তিয়ে জনপ্ৰিয় টেলিভিছন ৰিয়েলিটি শ্ব' মাষ্টাৰ চেফ ইণ্ডিয়া ছিজন-৭ত' শীৰ্ষ ৩৬ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। জনপ্ৰিয় ৰিয়েলিটি শ্ব'টো ইতিমধ্যে ২ জানুৱাৰীৰ পৰা চনী এণ্টাৰটেইনমেণ্ট টেলিভিছন চেনেলত সম্প্ৰচাৰিত হৈছে।
চেলিব্ৰিটি বিকাশ খান্না, চেফ ৰণবীৰ ব্ৰাৰ আৰু গৰিমা অৰোৰা হৈছে 'মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ' বিচাৰক।
দেশৰ বিভিন্ন ঠাইৰ পৰা অংশগ্ৰহণ কৰা এই প্ৰতিযোগী সকলৰ ভিতৰত অসমৰ তিনিগৰাকী প্ৰতিযোগী ক্ৰমে -নজিয়া চুলতানা, নয়নজ্যোতি নাৰায়ণ আৰু ছাণ্টা শৰ্মাই মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৭ৰ শীৰ্ষ ৩৬ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ ভিতৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তেজপুৰৰ এগৰাকী সাধাৰণ ঘৰৰ গৃহিনী ছাণ্টা শৰ্মাই নিজৰ হাতৰ সুস্বাদ্যু খাদ্যৰে বিচাৰকৰ মন জয় কৰি শীৰ্ষ ৩৬ত স্থান দখল কৰিবলৈ সক্ষম হয়।
ইফালে, ৰিয়েলিটি শ্ব’টোত শীৰ্ষ ৩৬ত স্থান লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ নিৱাসী ৩৩ বছৰীয়া নাজিয়া চুলতানাই । সুস্বাদু জাপানী পেনকেক প্ৰস্তুত কৰি বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল নাজিয়াই।
আনহাতে, আন এগৰাকী প্ৰতিযোগী হ'ল তিনিচুকীয়াৰ নিৱাসী ২৬ বছৰীয়া নয়নজ্যোতি শইকীয়া। নয়নজ্যোতি শৰ্মা তেনেই এজন সাধাৰণ ঘৰৰ যুৱক। দেউতাকৰ সৈতে চাহ বাগিচাত কাম কৰাৰ উপৰিও ৰান্ধা বঢ়াত পাকৈত নয়নজ্যোতি। বিচাৰক বিকাশ খান্নাই তেওঁৰ ইনষ্টাগ্ৰামৰ দ্বাৰা বিচাৰিপাইছিল নয়নজ্যোতিক।
এই তিনিওগৰাকী অসমীয়াৰ সফলতাত সমগ্ৰ ৰাজ্য আজি গৌৰাম্বিত হোৱাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰিছে সকলোৱে।
আৰু পঢ়ক: গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন প্ৰিয়ম আদিত্য়ৰ দ্বাৰা ৰচিত 'আজাদ' শীৰ্ষক গ্ৰন্থ