বিষাক্ত কাঠফুলাই প্ৰাণ ল'লে এটা পৰিয়ালৰ

বিষাক্ত কাঠফুলা খোৱাৰ বাবেই নিমিষতে শেষ হৈ গ'ল মেৰাপানীৰ এটা পৰিয়াল।

author-image
Asomiya Pratidin
New Update
বিষাক্ত কাঠফুলাই প্ৰাণ ল'লে এটা পৰিয়ালৰ

ডিজিটেল সংবাদ, গোলাঘাট: বিষাক্ত কাঠফুলা খোৱাৰ বাবেই নিমিষতে শেষ হৈ গ'ল মেৰাপানীৰ এটা পৰিয়াল। দুদিনৰ অন্তৰত পিতৃ মাতৃয়ে বিষক্ৰিয়াত প্ৰাণ হেৰুওৱাৰ পাছত দেওবাৰে পুনৰ মৃত্যুক সাৱটিব লগাত পৰিল পৰিয়ালটোৰ এটি দুবছৰীয়া শিশুয়ে।

Advertisment

বিগত ২ এপ্ৰিলত মেৰাপানীৰ আপাৰ মেৰাপানী বালুগুৰি অঞ্চলৰ এটা পৰিয়ালৰ সদস্যসকলে পুৱাৰ আহাৰত বনৰীয়া কাঠফুলা ভক্ষণ কৰাৰ পাছৰে পৰা হঠাৎ অসুস্থ হৈ পৰিছিল। প্ৰচণ্ড পেটৰ বিষ,শৌচ আৰু বমিত ভোগা লোককেইজনক চুবুৰীয়াই ততাতৈয়াকৈ সমীপৰ মেৰাপানী সমূহীয়া চিকিৎসায়ত ভৰ্তি কৰিছিল। পাছত উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোৰ তিনিজন সদস্যক উন্নত চিকিৎসাৰ বাবে প্ৰথমে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু পৰৱৰ্তী সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে তৰালী বৰ্মন নামৰ মহিলাগৰাকীৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত মৃত্যু ঘটে। এদিন পাছতে অৰ্থাৎ শুক্ৰবাৰে বিষক্ৰিয়াৰ ফলত মহিলাগৰাকীৰ স্বামী প্ৰফুল্ল বৰ্মনৰো অকালতে মৃত্যু ঘটে।

পিতৃ মাতৃৰ বিয়োগৰ পাছতে পুনৰ দেওবাৰে শোকাৱহ ভাৱে মৃত্যু ঘটে দুবছৰীয়া সন্তানৰ। অন্যহাতে গাঁওখনৰে আন চাৰিটা পৰিয়ালৰো কেইবাগৰাকী সদস্যই একেটা দিনতে বনৰীয়া কাঠফুলা খাই গোলাঘাট আৰু যোৰহাটৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। স্থানীয় লোকে সদৰী কৰা মতে, নগাপাহাৰৰ পৰা বুটলি অনা বনৰীয়া কাঠফুলা ৰান্ধি খোৱাৰ পাছৰে পৰা বিষক্ৰিয়াত আক্ৰান্ত হৈছিল পৰিয়ালকেইটাৰ সদস্য সকল।

Also Read: দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ বক্তৃতানুষ্ঠান