কামাখ্যা ৰে’ল ষ্টেচনত আটক ৩ বাংলাদেশী, জব্দ ভুৱা পাছপোৰ্ট

কামাখ্যা ৰে’ল ষ্টেচনত আটক ৩ বাংলাদেশী, জব্দ ভুৱা পাছপোৰ্ট

ডিজিটেল ডেস্কঃ কামাখ্যা ৰে’ল ষ্টেচনত ৩ বাংলাদেশী আটক। বুধবাৰে সন্ধিয়া ভাগত RPF আৰু ৰে’ল আৰক্ষীৰ যুটীয়া অভিযান বাংলাদেশী কেইগৰাকী আটক হয়।

ধৃত তিনিজন বাংলাদেশৰ ছিলেট জিলাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। তেওঁলোক ক্ৰমে- আব্দুল কায়ুম, আজিম আলী, সজ্জিল মিঞা।

আটকাধীনক কেইজনৰ পৰা বহু বাংলাদেশী নথিপত্র জব্দ কৰে আৰক্ষীয়ে। ভুৱা পাছপ’ৰ্ট, আধাৰ কাৰ্ড লৈ অসমত সোমাইছিল তিনিও। ইয়াৰ পূৰ্বে কাশ্মীৰত কৰ্মৰত আছিল তিনিওজন। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

কামাখ্যা ৰে’ল ষ্টেচনত আটক ৩ বাংলাদেশী, জব্দ ভুৱা পাছপোৰ্ট
বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in