বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

বুধবাৰৰ দিনটোত পোহৰলৈ অহা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত কৰোনাত আক্ৰান্তৰ হাৰ ২৬ শতাংশলৈ বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
ভাল খবৰ, দেশত হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা…

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে কৰোনাৰ ত্ৰাস। দিল্লীত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। বুধবাৰৰ দিনটোত পোহৰলৈ অহা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত কৰোনাত আক্ৰান্তৰ হাৰ ২৬ শতাংশলৈ বৃদ্ধি পাইছে।

Advertisment

মঙলবাৰে ইয়াৰ সংখ্যা আছিল ১৫.৬৪ শতাংশ। বিগত ২৪ ঘন্টাত দিল্লীত ৫০০তকৈ অধিক লোক আক্ৰান্ত হৈছে কৰোনাত। বৰ্তমান সংক্ৰিয় ৰোগীৰ সংখ্যা ১৭৯৫। অৱশ্যে ২৪ ঘন্টাত কাৰো মৃত্যু হোৱা নাই।

উল্লেখ্য যে, দেশত বিভিন্ন প্ৰান্তত কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াক লৈ সতৰ্কতাও জাৰি কৰিছে চৰকাৰে।

Also Read: সংগ্ৰাম আৰু শোষণ! মজুৰি নাপাই ১০০০ কি.মি. খোজকাঢ়ি ঘৰলৈ আহিল শ্ৰমিক

CORONA VIRUS