কিশোৰীক দলবদ্ধ ধৰ্ষণৰ ভয়ংকৰ তথ্য পোহৰলৈ, অভিযুক্ত আৰক্ষীৰ ইনফৰ্মাৰ...

কিশোৰীক দলবদ্ধ ধৰ্ষণৰ ভয়ংকৰ তথ্য পোহৰলৈ, অভিযুক্ত আৰক্ষীৰ ইনফৰ্মাৰ...

মহানগৰ আৰক্ষীয়ে উৎখাত কৰিছে পৰ্ণ ফেক্টৰী। এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীৰ ফটাশিলৰ পৰা ।

ডিজিটেল ডেস্ক: মহানগৰ আৰক্ষীয়ে উৎখাত কৰিছে পৰ্ণ ফেক্টৰী। এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীৰ পৰা । মহানগৰীৰ মতি নগৰত উৎখাত অসামাজিক কাৰ্যত ব্যৱহাৰ হোৱা এটি বাসগৃহ। এই বাসগৃহটো পাপ্পা আলীৰ বুলি জানিব পৰা গৈছে।

প্ৰথমে কোঠা ভাড়ালৈ আৰু তাৰ পাছত যুৱক-যুৱতীক ব্লেকমেইল কৰিছিল পাপ্পাই। কেইবাদিনো ধৰি এই ব্যৱসায় চলোৱাৰ অভিযোগ পাপ্পা আলীৰ বিৰুদ্ধে। কোঠাৰ ছাদত ছিদ্ৰ কৰি কেমেৰা ৰাখিছিল আৰু সেই কেমেৰাতে বন্দী কৰিছিল যুৱক -যুৱতীৰ অন্তৰংগ মুহূৰ্ত । পৰৱৰ্তী সময়ত ব্লেকমেইল কৰিছিল পাপ্পাই।

উৰুকাৰ নিশা এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা ঘটনাৰ পাছতেই পোহৰলৈ আহিছে এই সকলো তথ্য। উক্ত কোঠাটোতেই দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাপ্পা আলী, বিতু সাহা আৰু বিকি সৰকাৰক। জানিব পৰা মতে পাপ্পা আলী আৰক্ষীৰ ইনফৰ্মাৰ আছিল।

উল্লেখ্য যে, বিকি সৰকাৰে প্ৰেমিকা কিশোৰী গৰাকীক চলনাৰে মাতি নিছিল আৰু পাপ্পা আলীয়ে তেওঁলোকৰ গোপন মুহূৰ্ত কেমেৰাত বন্দী কৰিছিল। পৰৱৰ্তী সময়ত কিশোৰী গৰাকীক ব্লেকমেইল কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল অভিযুক্তই। ঘটনাৰ প্ৰায় ২ দিন পাছত পোহৰলৈ আহিছিল এই ঘটনা। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ অভিযুক্তক।

আৰু পঢ়ক: ১০-১৫ দিনৰ ভিতৰতে মুকলি আকাশৰ তললৈ আহিব পাৰে অৰ্ণমাই বৰা কাণ্ডৰ অভিযুক্ত...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in