/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/THEFT.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অধীন টিপং কলিয়ৰীৰ লোহা চুৰিৰ অভিযোগত সোমবাৰে নিশা এখন ব্যক্তিগত বাহন, এখন মটৰ চাইকেল সহতিনিটাকৈ লোহা চোৰক আটক কৰিছে লেখাপানী আৰক্ষীয়ে। উল্লেখ্য যে, প্ৰতিষ্ঠানটোত হৈ থকা লোহা চুৰিৰ বাতৰি ধাৰাবাহিক ভাবে সম্প্ৰচাৰ হৈ থকাৰ পাছতে আজি নিশা লেখাপানী আৰক্ষীয়ে চোৰাং লোহা চোৰৰ বিৰুদ্ধে অভিযান চলায়।
অভিযান কালত এখন আইটেন বাহন আৰু এখন মটৰ চাইকেল সহ তিনিটাকৈ লোহা চোৰক লোহা কঢ়িয়াই আনি থকা অৱস্থাত আটক কৰে লেখাপানী আৰক্ষীয়ে। লগতে জব্দ কৰে পটিপং কলিয়ৰীৰ পৰা চুৰি হোৱা বৃহৎ পৰিমাণাৰ তাম আৰু এলুমিনিয়াম তাঁৰ। ইফালে একে নিশাই জাগুনৰ এটা স্ক্ৰেপ ডেম্পত তালাচী চলাই বৃহৎ পৰিমাণৰ লোহা উদ্ধাৰ হোৱাৰ পিছতে ডেম্পটো আৰক্ষীয়ে চীল কৰি দিয়ে।
ডেম্পটোত কেবা লক্ষাধিক টকাৰ লোহা মজুত আছে বুলি জানিব পৰা গৈছে। বৰ্তমান লেখাপানী আৰক্ষীয়ে জাগুনৰ স্ক্ৰেপ ডেমটোৰ স্বত্বাধিকাৰী জোনেইড হুছেইনক গ্ৰেপ্তাৰ কৰিছে। লগতে কৰায়ত্ব কৰিছে পাপু বৈষ্ণৱ, মহিবুল হক আৰু নাজিৰ ৰহমানক। আনহাতে এ এচ ২৩ কে ৯৩১৭ নম্বৰৰ আইটেন বাহন, এ এচ ২৩ এইচ ২৪৭০ নম্বৰৰ এখন চোপাৰ প্লেণ্ডাৰ মটৰ চাইকেল।ইতিমধ্যে লেখাপানী থানাত আৰ ডব্লিউ চেকছ্ন ৩ অৱ পিডিপিপি এক্ট আৰু ভাৰতীয় দণ্ডবিধি আইন ৩৯২ (আইপিচি)ধাৰাৰ অধীনত ৫২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
শেহতীয়াকৈ টিপং কলিয়ৰীৰ পৰা ১ কোটিৰো অধিক লো-পিতলৰ সামগ্ৰী চোৰে চুৰি কৰি উধাওঁ হৈছিল যদিও আৰক্ষীয়ে চোৰ কৰায়ক্ত কৰাৰ ক্ষেত্ৰত বিধি পথালি দিয়াৰ লগতে ক'ল ইণ্ডিয়াৰ এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল শ্ৰমিক নেতা ভাৰত ভূষণ বৰঠাকুৰে। নিশা গ্ৰেপ্তাৰ কৰাৰ চোৰ কেইটাৰ ওপৰিও ইতিমধ্যে সংঘটিত হোৱা বৃহৎ চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰাৰ লগতে গভাইত লোহা চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ শ্ৰমিক সংগঠন সমূহে দাবী জনাইছে।
আৰু পঢ়ক: কি কাৰণে চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিলে আৰক্ষী বিষয়া দীনে…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us