লামডিং হত্যাকাণ্ডৰ তিনিজনক গ্ৰেপ্তাৰ…

লামডিং হত্যাকাণ্ডৰ তিনিজনক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
লামডিং হত্যাকাণ্ডৰ তিনিজনক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্ক, লামডিং :  এতিয়াও উত্তাল হৈ আছে লামডিং। ১ আগষ্টৰ নিশা ৰেলনগৰী লামডিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ অৰ্ধ উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল।

Advertisment

ঘটনাৰ পিছতেই লামডিং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষৰী বিষয়া চন্দনজ্যোতি বৰাৰ নেতৃত্ব ক্ষীপ্ৰতাৰে তদন্ত অব্যাহত ৰাখি বৰ্তমান তিনিজন অভিযুক্তক গ্ৰেৰপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা তিনিজন ক্ৰমে মিথুন পাল,  দিলীপ চাহু আৰু কনক ৰঞ্জন দাস৷ গ্ৰেপ্তাৰ হোৱা তিনিওজনক হোজাইলৈ প্ৰেৰণ কৰা হয়। বুধবাৰে এই ঘটনা সন্দৰ্ভত মধ্য অসমৰ উপ-আৰক্ষী মহাপৰিদৰ্শক(DIG)  সত্যৰাজ হাজৰিকাই হোজাই জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যায়ত ঘটনাৰ সন্দৰ্ভত এখনি সংবাদমেল সম্বোধন কৰে।

তেওঁ জানিবলৈ দিয়ে যে মিথুন পালৰ বিৰুদ্ধে পূৰ্বতেও লামডিং আৰক্ষী চকীত ধৰ্ষণ,  ডকাইতি,  মাৰপিট আদিৰ বিভিন্ন গোচৰ ৰুজু হৈ আছে। আৰক্ষীয়ে দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ হত্যাকাণ্ডৰ বিষয়ে অধিক তথ্যৰ বাবে বৰ্তমানেও তদন্ত অব্যহত ৰাখিছে। লগতে মিথুন পালেই মূল অভিযুক্ত বুলি জানিবৈ দিয়ে উপ-আৰক্ষী মহাপৰিদৰ্শক(DIG)  সত্যৰাজ হাজৰিকাই৷

আৰু পঢ়ক : মানকাচৰত আৰম্ভ হ'ল চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ, ৪১২ খন বিদ্যালয়ত স্ব-মূল্যায়ন…

assam Assam police himanta biswa sarma lamding