শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

মানকাচৰত আৰম্ভ হ’ল চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ, ৪১২ খন বিদ্যালয়ত স্ব-মূল্যায়ন…

ডিজিটেল ডেস্ক: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৪১২ খন বিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ। আজি জিলাখনৰ ৪১২ খন বিদ্যালয়ত বিদ্যালয় সমূহে নিজেই ছাত্ৰ-ছাত্ৰীৰ মাজত স্ব-মূল্যায়ন কৰে।

৪ আগষ্টৰ পৰা ৬ আগষ্টলৈ তিনি দিনীয়াকৈ জিলাখনত গুণোৎসৱৰ বাহ্যিক মূল্যয়নৰ কাৰ্য্যসূচী অনুষ্ঠিত হ’ব। ইতিমধ্যে বিদ্যালয়সমূহে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে। শেহতীয়াকৈ বান পৰিস্থিতিৰ বাবে জিলাখনত দুবাৰকৈ গুণোৎসৱৰ কাৰ্যসূচী পিছুৱাই দিয়া হৈছিল।

বুধবাৰে জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো প্ৰায় ডেৰ সহস্ৰাধিক ছাত্ৰী-ছাত্ৰীক লৈ গুণোৎসৱৰ আয়োজন কৰি ছাত্ৰ ছাত্ৰীৰ স্ব-মূল্যায়ন কৰা হয়।

আৰু পঢ়ক : সংঘৰ্ষৰ দিনত প্ৰিয়জনৰ বাদে আন কোনোৱে নাছিল, পদক জয়েৰে পদোন্নতি নয়নমণিৰ