বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে ঝৰ্ণাই...

বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে ঝৰ্ণাই...

ডিজিটেল সংবাদ, বিশ্বনাথঃ শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথলৈ গৌৰব কঢ়িয়াই আনিলে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়াই। মুঠ ৫৯০ নম্বৰ লাভ কৰি ঝৰ্ণা শইকীয়া ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। মেধাবী ছাত্ৰী ঝৰ্ণাই অসমীয়াত ৯৮, ইংৰাজীত ১০০, গণিত বিষয়ত ৯৪, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ১০০ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিছে।

আজি ফলফল ঘোষণা কৰাৰ পিছতে ঝৰ্ণা শইকীয়াৰ গড়েহাগীৰ বাসগৃহত আৰু বিশ্বনাথ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আনন্দৰ জোৱাৰ উঠে। মেধাৱী ছাত্ৰীগৰাকীৰ ওপজা গাঁৱত বিভিন্ন জনে অভিনন্দন জনোৱাৰ লগতে বিদ্যালয় চৌহদত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। ছাত্ৰীগৰাকীক নিকেতনত ঢোলে-দগৰে আদৰণি জনোৱাৰ লগতে বিদ্যালয়খনত বিহু গীত আৰু নাচৰ জোৱাৰ উঠে।

উল্লেখ্য যে গড়েহাগী গাঁৱৰ ক্ষুদ্ৰ ব্যবসায়ী সুৰেন্দ্ৰ শইকীয়া আৰু মাতৃ অংগনবাড়ী কৰ্মী জোণালী শইকীয়াৰ কন্যা ঝৰ্ণাৰ এই সাফল্যৰ বাতৰিৰ পিছতে শংকৰদেৱ শিশু বিদ্যা নিকেতনত উপস্থিত হয়। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, শোণিতপুৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, বিশ্বনাথ আছুৰ নেতৃবৰ্গ,বিশ্বনাথ জিলা সাংবাদিক সন্থা,বিশ্বনাথ প্ৰেছ ক্লাব,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে,আমছু,কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠন আৰু গণ্যমান্য ব্যক্তি উপস্থিত হৈ ঝৰ্ণা শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে।

ইফালে ঝৰ্ণা শইকীয়াই সাংবাদিক জনোৱা মতে দৈনিক দহ ঘন্টাকৈ অধ্যয়ন কৰাৰ লগতে ঘৰোৱা টিউচনৰ সহায় লৈছিল। ভাল ফলাফল কৰিব বুলি আশা কৰিছিল যদিও দ্বিতীয় স্থান দখল কৰিব বুলি ভবা নাছিল। সেয়েহে এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে ঝৰ্না শইকীয়াই। ছবি আঁকি আৰু কিতাপ পঢ়ি ভাল পোৱা ঝৰ্ণা শইকীয়াই উচ্চতৰ মাধ্যমিক বৰ্ষৰ অধ্যয়ন বিশ্বনাথতে কৰি ভবিষ্যতৰ দিনত এগৰাকী সু-চিকিৎসক হোৱাৰ আশা প্ৰকাশ কৰিছে।

আনফালে ছাত্ৰীগৰাকীক ভবিষ্যত দিনত উচ্চ শিক্ষা গ্ৰহণৰ বাবে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে ৫০হাজাৰ টকা আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৰফৰ পৰা ২০হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই।

বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে ঝৰ্ণাই...
HSLC: বটদ্ৰৱাৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in