দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিক গেমছৰ প্ৰথমদিনাই অসমে লাভ কৰে মুঠ ১১ টা পদক...

শ্বিলঙত ১১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিক গেমছ ২০২২
shillong
shillong
Published on
Updated on

ডিজিটেল ডেস্ক : শ্বিলঙত ১১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিক গেমছ ২০২২। ১১ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিক গেমছত অংশগ্ৰহণৰ বাবে শ্বিলঙত উপস্থিত হৈছে অসম সাঁতোৰ সন্থাৰ তত্বাৱধানত এটি বৃহৎ সাঁতোৰৰ দল।

শুকুৰবাৰে প্ৰতিযোগিতাৰ আৰম্ভণিৰ দিনটোতে শ্বিলঙৰ ক্ৰাইনলিন ছুইমিং পুলত অসমে অৰ্জন কৰিলে মুঠ ১১ টাকৈ পদক । ফ্ৰী ষ্টাইল, ফ্ৰী ষ্টাইল ৰিলে, বেষ্ট ষ্টক, বেক ষ্টক আদি ইভেন্টৰ ল'ৰা-ছোৱালী উভয় শাখাতে অসমে দাঙি ধৰে উন্নত প্ৰদৰ্শন। ৬ টা স্বৰ্ণ পদক, ৩ টা ৰূপৰ পদক আৰু ২ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে পুৰুষ শাখাৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় অসমৰ দিশান্ত বৰগোঁহায়ে। আনহাতে ৪×৫০ মিটাৰ ফ্ৰী ষ্টাইল ৰিলেৰ পুৰুষ শাখাত অসমৰ ৰিলে দলে স্বৰ্ণ পদক লাভ কৰে। দলটোত আছিল মানস প্ৰতিম বৈশ্য, অংশুমান কাশ্যপ, নিবিড় হাজৰিকা আৰু জনঞ্জয় জ্যোতি হাজৰিকা।

ইফালে মহিলাৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় জাহ্নৱী কাশ্যপে। মহিলাৰ ৫০ মিটাৰ বেষ্ট ষ্টকত স্বৰ্ণ অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে দিশা গগৈয়ে।

১০০ মিটাৰ বেক ষ্টকত সোণৰ পদক লাভ কৰে কৃষ্ণালী দলেয়ে। ইফালে, মহিলাৰ ৪×৫০ ফ্ৰী ষ্টাইল ৰিলেত অসমৰ মহিলা দলে লাভ কৰে স্বৰ্ণ পদক। দলটোত আছিল দৰ্শিতা বৰুৱা, জাহ্নৱী কাশ্যপ, নিবৃত্তি চেতিয়া দত্ত, কৃষ্ণালী দলে।

আনহাতে পুৰুষৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপ পদক লাভ কৰে অংশুমান কাশ্যপে। মহিলা শাখাৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপ অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ দৰ্শিতা বৰুৱাই। সেইদৰে নিবৃত্তি চেতিয়া দত্তই ৫০ মিটাৰ বেষ্ট ষ্টকত লাভ কৰিলে আনটো ৰূপৰ পদক।

মৃংগাঙ্ক গগৈয়ে ৫০ মিটাৰ বেষ্ট ষ্টকত আৰু আদ্ৰিজা ৰাণী চেতিয়াই ১০০ মিটাৰ বেক ষ্টকত ব্ৰঞ্জ অৰ্জনেৰে অসমলৈ গৌৰব কঢ়িয়াবলৈ সক্ষম হয়। পদক প্ৰাপ্ত সকলো খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in