ড্ৰাগছৰ বিৰুদ্ধে জাজৰি আৰক্ষীৰ অভিযান অব্যাহত...

ড্ৰাগছৰ বিৰুদ্ধে জাজৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে

author-image
Asomiya Pratidin
New Update
ড্ৰাগছৰ বিৰুদ্ধে জাজৰি আৰক্ষীৰ অভিযান অব্যাহত...

nagaon

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ড্ৰাগছৰ বিৰুদ্ধে জাজৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰ জ্যোতি বৰাৰ নেতৃত্বত অভিযান চলাই শুকুৰবাৰে নিশা ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনক আটক কৰে।

Advertisment

বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়াৰ ৰজাআলিত চলোৱা অভিযানত সৰবৰাহকাৰী জাকিৰৰ পৰা আৰক্ষীয়ে ৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে। ড্ৰাগছখিনিৰ ওজন ১২.১৪ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে আৰক্ষীয়ে অভিযানত AS02 P 6283 নম্বৰৰ এখন পালচাৰ বাইকো জব্দ কৰে। বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী জাকিৰক জেৰা অব্যাহত ৰাখিছে।

আৰু পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা দৰমহা লৈ কংগ্ৰেছ চলি আছে !

drugs police nagaon assam jajori