অহা ১৭ মে'ত প্ৰদান কৰা হ'ব "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা"...

অহা ১৭ মে'ত প্ৰদান কৰা হ'ব "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা"...

ডিজিটেল ডেস্ক : পৰাগ কুমাৰ দাসৰ জীৱন, কৰ্ম আৰু আদৰ্শ সন্দৰ্ভত নতুন প্ৰজন্মৰ মাজত নিৰন্তৰ চৰ্চা যাতে চলি থাকে, সেই উদ্দেশ্য আগত ৰাখি পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" প্ৰদান কৰি আহিছে। নিৰ্ভীক সাংবাদিক, লেখক, মানৱধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ সোঁৱৰণত প্ৰদান কৰা এই বৰ্ষৰ বঁটা প্ৰাপকৰ নাম ইতিমধ্যেই ঘোষণা কৰা হৈছে।

২০২৩ বৰ্ষৰ এই বঁটা লাভ কৰিছে প্ৰখ্যাত সাংবাদিক 'দ্য ৱায়াৰ' সংবাদ গোষ্ঠীৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ আৰু চীফ এব ব্যুৰ সংগীতা বৰুৱা পিছাৰটিয়ে। অহা ১৭ মে', ২০২৩ তাৰিখ বুধবাৰে দিনৰ ১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদান কৰা হ'ব এই বঁটা।

অনুষ্ঠানটিত বিশিষ্ট লেখক দেৱব্ৰত দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব বুলি এক প্ৰেছ বিবৃতিত জানিবলৈ দিয়ে মঞ্চ খনিয়ে। পৰিয়ালবৰ্গই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিব লগীয়া অনুষ্ঠানটোত উপস্থিত থাকিব অধিবক্তা শান্তনু বৰঠাকুৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in