ঢকুৱাখনা জলসম্পদ সংমণ্ডলত ২৬ নৱনিযুক্ত কৰ্মচাৰীৰ যোগদান

ঢকুৱাখনা জলসম্পদ সংমণ্ডলত ২৬ নৱনিযুক্ত কৰ্মচাৰীৰ যোগদান

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা জলসম্পদ সংমণ্ডলত ২৬ নৱনিযুক্ত কৰ্মচাৰীৰ যোগদান

ডিজিটেল সংবাদ, ঢকুৱাখনা : পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱত এক প্ৰকাৰৰ লাওলোৱা বিভাগলৈ পৰ্যবসিত হৈছিল ঢকুৱাখনা জলসম্পদ সংমণ্ডল আৰু উপ সংমণ্ডল কাৰ্যালয়। ঢকুৱাখনা নগৰৰ সদৰত স্থাপিত এইটো অতি গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগত প্ৰতিষ্ঠাকালৰে পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱৰ বাবে মুষ্টিমেয় কৰ্মচাৰী সকলেই অতিৰিক্ত সকলো দায়িত্ব পালন কৰিবলগীয়া হৈছিল ।

Advertisment

শেহতীয়াকৈ ৰাজ্য চৰকাৰে নিযুক্তি দিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নৱ নিযুক্ত লোকসকলৰ মাজৰ পৰা মুঠ ২৬ গৰাকী কৰ্মচাৰীক সংমণ্ডল আৰু উপ সংমণ্ডলটোত নিযুক্তি দিয়াত দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ হয়। বৃহস্পতিবাৰে বিভাগটোত যোগদানৰ বাবে উপস্থিত হয় নতুনকৈ নিযুক্তিপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ ২০ আৰু তৃতীয় বৰ্গৰ ৬ গৰাকী প্ৰাৰ্থীসহ সৰ্বমুঠ ২৬ গৰাকী প্ৰাৰ্থী ।

সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো,সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগু আৰু যোগানন্দ পেগুৱে নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ যাৱতীয় নথিপত্ৰ পৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰাৰ পাছত কামত যোগদান কৰাৰ ব্যৱস্থা কৰে । কাৰ্যালয়ৰ প্ৰধান চালিকা শক্তি স্বৰূপ নৱনিযুক্ত কৰ্মচাৰীসকলক সামূহিকভাৱে বিভাগীয় কাম- কাজৰ লগতে দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত এক প্ৰশিক্ষণ প্ৰদানৰ পাছতে নিযুক্তি প্ৰাপকসকলক নিজ নিজ দায়িত্ব অৰ্পণ কৰিব বুলি বিভাগীয় বিষয়াই জনায় ।

উল্লেখ্য যে, সংমণ্ডলটোত তৃতীয় বৰ্গত বিজ্ঞান শাখাৰ স্নাতকোত্তৰ এগৰাকী প্ৰাৰ্থী আৰু বি টেক ডিগ্ৰীধাৰী ২গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে। অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা উচ্চ শিক্ষিত স্নাতকোত্তৰ আৰু বি. টেক ডিগ্ৰী ধাৰী প্ৰাৰ্থীৰ সমাহাৰ ঘটা নিযুক্তিৰ জৰিয়তে বিভাগটোৱে নতুন গতিশীলতা লাভ কৰিব বুলি বিভাগৰ কাৰ্যবাহী অভিযন্তা ডেকা বড়ো আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা পেগুৱে আশা প্ৰকাশ কৰে।লগতে আটাইকেইগৰাকী নৱনিযুক্তক নতুন কৰ্মজীৱনলৈ আদৰণি জনায় ।

Also Read: আমাৰ পূৰ্বপুৰুষসকল ভাৰতৰে,সকলোৰে এটাই পৰিচয় : মোহন ভাগৱত

Water Resources Department Water Resources Division