উজনি কোঁৱৰ গাঁৱৰ নামঘৰৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

উজনি কোঁৱৰ গাঁৱৰ নামঘৰৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ,মথুৰাপুৰ : চৰাইদেউ মথুৰাপুৰ উজনি কোঁৱৰ নামঘৰৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বুধবাৰে অনুষ্ঠিত কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে পুৱাৰে পৰা নামঘৰ চৌহদ হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ পৰে ৷

গাঁৱখনৰ সকলো ভকত বৈষ্ণৱ,আই-মাতৃ আৰু বাপ-বান্ধৱসকলে ধূপ-নৈবদ্যৰে সেৱা আগবঢ়াই ভাগৱতৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷ ইয়াৰোপৰি অঞ্চলটিৰ আশে-পাশে থকা ভকত-বৈষ্ণৱসকলেও আহি সেৱা আগবঢ়ায়।

উজনি কোঁৱৰ গাঁৱৰ নামঘৰৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ’ব হাতী গণনা পৰ্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in